শিৱসাগৰত ভিক্ষাৰীৰ ৰূপত বলাৎকাৰী, ঘৰত কোনো নথকাৰ সুযোগ লৈ সাবটি ধৰিলে কিশোৰীক

ভিক্ষা খুজিবলৈ গৈ কিশোৰীগৰাকীক যৌন নিৰ্যাতনৰ চেষ্টা চলাইছিল কৃষ্ণ শইকীয়া নামৰ ৫৫ বছৰীয়া লোকজনে।

News18-Assam
Updated:September 17, 2019, 1:12 PM IST
শিৱসাগৰত ভিক্ষাৰীৰ ৰূপত বলাৎকাৰী, ঘৰত কোনো নথকাৰ সুযোগ লৈ সাবটি ধৰিলে কিশোৰীক
ভিক্ষা খুজিবলৈ গৈ কিশোৰীগৰাকীক যৌন নিৰ্যাতনৰ চেষ্টা চলাইছিল কৃষ্ণ শইকীয়া নামৰ ৫৫ বছৰীয়া লোকজনে।
News18-Assam
Updated: September 17, 2019, 1:12 PM IST
শিৱসাগৰত ভিক্ষাৰীৰ বেশত যৌন নিৰ্যাতনকাৰী। দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ চেষ্টা এটা লম্পটৰ। ভিক্ষা খুজিবলৈ গৈ কিশোৰীগৰাকীক যৌন নিৰ্যাতনৰ চেষ্টা চলাইছিল কৃষ্ণ শইকীয়া নামৰ ৫৫ বছৰীয়া লোকজনে। নিজকে শাৰিৰীকভাৱে অক্ষম বুলি পৰিচয় দিছিল লম্পট কৃষ্ণ শইকীয়াই। ঘৰত কোনো নথকাৰ সুযোগ লৈ যুৱতীগৰাকীক বলাৎকাৰৰ চেষ্টা চলাইছিল লম্পটটোৱে।

শিৱসাগৰৰ দৰিকাপাৰ নাওজানত সংঘটিত হৈছে এই ঘটনা। কিশোৰীগৰাকীয়ে লম্পট কৃষ্ণ শইকীয়াৰ কবলৰ পৰা কথমপি মুক্ত হৈ ওচৰ–চুবুৰীয়াক খবৰ দিয়াত ৰাইজে কৰায়ত্ত কৰি উত্তম–মধ্যম শোধাই শিৱসাগৰ আৰক্ষীক গতাই দিয়ে লম্পটটোক। ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ মাতৃয়ে শিৱসাগৰ সদৰ থানাত দাখিল কৰিছে এজাহাৰ। উক্ত এজাহাৰৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট কৃষ্ণক। অভিযুক্ত লোকজনৰ ঘৰ শিৱসাগৰৰ আখৈফুটীয়াত।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি