মুখ্যপৃষ্ঠা »খবৰ »অসম »দূৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বাবে সংকটত শিলঘাট-ধিং মথাউৰি । অথলে গ'ল ৩কোটি ২০লাখ টকাৰ পেকেজ।

দূৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বাবে সংকটত শিলঘাট-ধিং মথাউৰি । অথলে গ'ল ৩কোটি ২০লাখ টকাৰ পেকেজ।

জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা, এছ ডি অ আৰু এছ অ'‌ই  ঠিকাদাৰ আবুল নছৰৰ লুণ্ঠনত প্ৰত্যক্ষভাৱে হাত উজান দিয়াৰ  গুৰুতৰ অভিযোগ উঠিছে।

জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা, এছ ডি অ আৰু এছ অ'‌ই  ঠিকাদাৰ আবুল নছৰৰ লুণ্ঠনত প্ৰত্যক্ষভাৱে হাত উজান দিয়াৰ  গুৰুতৰ অভিযোগ উঠিছে।

জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা, এছ ডি অ আৰু এছ অ'‌ই  ঠিকাদাৰ আবুল নছৰৰ লুণ্ঠনত প্ৰত্যক্ষভাৱে হাত উজান দিয়াৰ  গুৰুতৰ অভিযোগ উঠিছে।

  • Share this:
নগাঁও জিলাৰ শিলঘাট-ধিং মথাউৰিৰ অতি স্পৰ্শকাতৰ অংশ নলকটাত মথাউৰি মেৰামতিৰ নামত জলসম্পদ বিভাগৰ ঠিকাদাৰৰ বিৰুদ্ধে লুণ্ঠনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।ৰাইজৰ তীব্ৰ প্ৰতিবাদক আওকাণ কৰি ৰাজনৈতিক ক্ষমতাৰে বলীয়ান আবুল নছৰ নামৰ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰজনে ব্যক্তিগত মুনাফা অৰ্জনৰ লক্ষ্যৰে ট্ৰেক্টৰেৰে বালি পেলাই  মথাউৰি মেৰামতিৰ কাম আৰম্ভ কৰিছে।

লাওখোৱা শাখাৰ নলকটাৰ মথাউৰিটো মেৰামতিৰ বাবে জলসম্পদ বিভাগে  ৩ কোটি ২০ লাখ টকা আৱণ্টন দিছিল। মথাউৰিৰ প্ৰাককলনক ভেঙুচালি  কৰি ঠিকাদাৰজনে পালমৰা কাম কৰি লুণ্ঠন অব্যাহত ৰখা স্বত্তেও নগাঁও জলসম্পদ বিভাগে  ৰহস্যজনক ভাৱে নিৰ্লিপ্ত ভূমিকা অৱলম্বন কৰিছে । আনকি নগাঁও জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা, এছ ডি অ আৰু এছ অ'‌ই  ঠিকাদাৰ আবুল নছৰৰ লুণ্ঠনত প্ৰত্যক্ষভাৱে হাত উজান দিয়াৰো  গুৰুতৰ অভিযোগ উঠিছে।

সদায় খৰাং বতৰত মেৰামতিৰ কাম বন্ধ ৰখা আবুল নছৰ নামৰ চতুৰ ঠিকাদাৰজনে এইবাৰো বাৰিষা আগমনৰ লগে লগে মথাউৰি নিৰ্মাণৰ বাবে  তৎপৰ হৈ পৰিছে। যোৱা  দুটা দশকত তিনিবাৰকৈ মথাউৰিটো ছিগি সমগ্ৰ উত্তৰ নগাঁও প্লাৱিত কৰা নলকটাত আবুল নছৰে নিজা মইমতালিৰে মথাউৰি নিৰ্মাণত কেৱল বালি মাটিহে ব্যৱহাৰ কৰা দেখা গৈছে। ফলত সামান্য বৰষুণতে মথাউৰিৰ বালি মাটি উটী যোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে স্থানীয় ৰাইজে।

ইপিনে পূৱ ফুটালজাৰ গাঁৱৰ পৰা কালিয়াডিংগালৈ যোৱা গড়কাপ্তানী বিভাগৰ মূল পথটোৰ কাম চলি থকা স্বত্বেও নিৰ্মাণৰত ৰাস্তাৰ ওপৰেদি মাটি কঢ়িয়াই‌ নি ৰাস্তাৰ অৱস্থা শোচনীয় কৰি তোলাৰ অভিযোগ উঠিছে ঠিকাদাৰজনৰ বিৰুদ্ধে  ।

শেহতীয়া বাতৰি