ভাল খবৰ! শীঘ্ৰে ডিজিটেলাইজেশ্যন হ'ব ASTC! SAPৰ জৰিয়তে চলিব সকলো কাম-কাজ

News18 Assam | News18-Assam
Updated:June 11, 2021, 10:09 PM IST
ভাল খবৰ! শীঘ্ৰে ডিজিটেলাইজেশ্যন হ'ব ASTC! SAPৰ জৰিয়তে চলিব সকলো কাম-কাজ
ভাল খবৰ! শীঘ্ৰে ডিজিটেলাইজেশ্যন হ'ব ASTC! SAPৰ জৰিয়তে চলিব সকলো কাম-কাজ

ভাল খবৰ! শীঘ্ৰে ডিজিটেলাইজেশ্যন হ'ব ASTC! SAPৰ জৰিয়তে চলিব সকলো কাম-কাজ

  • Share this:
ভাল খবৰ! শীঘ্ৰে ডিজিটেলাইজেশ্যন হ'ব অসম ৰাজ্যিক পৰিবহণ নিগমত। পৰিবহণ নিগমৰ সকলো কাম-কাজ অনলাইনৰ জৰিয়তে মুখ্য কাৰ্যালয়ৰ পৰাই চলাই নিব পাৰিব। আনকি নিগমৰ সকলো বিষয়া কৰ্মচাৰীয়ে মুখ্য কাৰ্যালয়ৰ পৰাই সকলো তথ্য লাভ কৰিব পাৰিব। SAPৰ জৰিয়তেই এতিয়াৰ পৰা সকলো কাম-কাজ চলিব অসম ৰাজ্যিক পৰিবহণ নিগমৰ।

এনে ডিজিটেলাইজেশ্যনৰ ফলত বাছখন কৰ পৰা ক'লৈ চলিছে, কিমান টকা বাছসমূহৰ পৰা উপাৰ্জন কৰা হৈছে, কিমান টকা ক'ত খৰচ হৈছে, আদি সকলো তথ্য এই পদ্ধতিত উপলব্ধ হ'ব। ইতিমধ্যে এই সন্দৰ্ভত SAP-য়ে সম্পূৰ্ণ কৰিছে প্ৰাৰম্ভীক কাম-কাজ।

ইফালে অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে আশা প্ৰকাশ কৰিছে যে, এই পদক্ষেপে নিগমক অধিক গতিশীল কৰি তুলিব। প্ৰতিখন জিলাৰ যাত্ৰীয়েই অন্য জিলাৰ যাতায়াতৰ বিষয়ে জানিব পৰিব। লগতে বিভাগটোত দুৰ্নীতি নাইকীয়া হোৱাৰ লগতে কৰ্মচাৰীসকলে অধিক উচাহেৰে কাম কৰিব পাৰিব বুলিও উল্লেখ কৰিছে।
Published by: Himangshu Bhuyan
First published: June 11, 2021, 10:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি