মুখ্যপৃষ্ঠা » খবৰ

» অসম

»১ অক্টোবৰৰ পৰা কাজিৰঙাত সকলো স্বাভাৱিক হ’ব, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

১ অক্টোবৰৰ পৰা কাজিৰঙাত সকলো স্বাভাৱিক হ’ব, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

News18 Assam | News18-Assam
Updated:September 22, 2021, 12:49 PM IST
১ অক্টোবৰৰ পৰা কাজিৰঙাত সকলো স্বাভাৱিক হ’ব, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
সকলোকে ভেকচিন ল’বলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ।

সকলোকে ভেকচিন ল’বলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ।

  • News18 Assam
  • Last Updated: September 22, 2021, 12:49 PM IST
  • Share this:
১ অক্টোবৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সকলো স্বাভাৱিক হ’ব। কোভিডৰ কোনো প্ৰটকল নাথাকিব। হোটেল–ল’জ খুলিব পাৰিব আৰু পৰ্যটকো আহিব পাৰিব। সকলো খোলা থাকিব, কেৱল ভেকচিন ল’ব লাগিব। এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

বোকাখাতত গঁড়ৰ খড়্গ দাহ কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে কয়, কাজিৰঙাত কেৱল এটাই প্ৰটকল থাকিব, সেয়া হ’ল ভেকচিন ল’ব লাগিব। কাজিৰঙাৰ হোটেলত যদি কোনো পৰ্যটক আহে তেওঁকো সুধিব লাগিব ভেকচিন লৈছেনে নাই। যদি অহা নাই কাষৰ হাস্পতাললৈ লৈ গৈ ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব লাগে। 

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ৰাজ্যখনলৈ যাতে স্ৱাভাৱিক জীৱনযাত্ৰা উভতি আহে তাৰ বাবে আমি কাম কৰিব খুজিছো। আৰু ইয়াৰ বাবে আমাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হৈছে ভেকচিনেচন।’’ সকলো লোকক দুয়োপালি ভেকচিন ল’বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।
Published by: Sanjay Kumar Das
First published: September 22, 2021, 12:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি