মিঠাই শাৰী, ম’বাইলৰ পৰা আৰম্ভ কৰি কি লাগে আপোনাক? অৰেঞ্জ জ’ন ধুবুৰীত আজিৰে পৰা খোলা সকলো দোকান

ৰ’টেশ্যন পৰ্যায়ত সকলো দোকান খোলা ৰখাৰ নিৰ্দেশ।
ৰ’টেশ্যন পৰ্যায়ত সকলো দোকান খোলা ৰখাৰ নিৰ্দেশ।
- News18 Assam
- Last Updated: May 15, 2020, 11:43 AM IST
জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানীয়ে এক নিৰ্দেশ যোগে সকাহ দিয়াত আজিৰে পৰা ৰোটেশ্বন অনুযায়ী খোলা আৰম্ভ হ'ল ধুবুৰী জিলাৰ সকলো দোকান পোহাৰ ৷
নিৰ্দেশ অনুসৰি সপ্তাহত তিনিদিনকৈ খুলি দিয়া হৈছে দোকান ৷ ইয়াৰে সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰে খুলি দিয়া হৈছে মোবাইলৰ দোকান,হাৰ্ডওৱেৰ, ৰ’ড আইৰন, চাইকেল, বৈদ্যুতিক সামগ্ৰী আৰু অটোম’বাইলৰ দোকান ইত্যাদি ৷

আনহতে বেকাৰী আৰু মিঠাইৰ দোকানৰ লগতে গাড়ী মেৰামতিৰ দোকান সপ্তাহৰ প্ৰতিদিনে ৰাতিপুৱা সাত বজাৰ পৰা চাৰি বজালৈ খুলিব পাৰিব।

দীৰ্ঘ দিনে বন্ধ হৈ থকা দোকান সমুহক খুলি দিয়াত ব্যৱসায়ী সকলে উৎফুল্লিত হৈ পৰিছে। স্থানীয় ধুবুৰীৰ ক্ষুদ্ৰ ব্যৱসায়ী মনোজ প্ৰসাদৰ মতে, ‘ চৰকাৰে এয়া ঠিকেই কৰিছে কাৰণ আমাৰ অৱস্থা শোচনীয় হৈ পৰিছে। আমি চৰকাৰী নিয়ম নীতি মানি সকলো কাম কৰিম।’ ইপিনে চৰকাৰে বান্ধি দিয়া সুৰক্ষা নিয়ম অৱহেলা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহন কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে।



উল্লেখযোগ্য যে দুসপ্তাহ পূৰ্বে ৰাজ্যিক কেবিনেটত লোৱা সিদ্ধান্ত মতে বিগত ১৪দিনত কোনো ধৰণৰ সংক্ৰমণৰ বাতৰি নোলোৱা গ্ৰাম্য এলেকাত (সেউজীয়া আৰু অ’ৰেঞ্জ জ’নত) অনা–অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান খুলিব পাৰিব বুলি জনাইছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।