• Home
  • »
  • News
  • »
  • assam
  • »
  • কেতিয়া আঁতৰিব কোভিডৰ সকলো বাধা-নিষেধ? স্পষ্টকৈ জনাই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কেতিয়া আঁতৰিব কোভিডৰ সকলো বাধা-নিষেধ? স্পষ্টকৈ জনাই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

বৰ্তমান পৰিস্থিতি কিছু স্বাভাৱিক হৈছে যদিও কিছু কিছু ক্ষেত্ৰত এতিয়াও অব্যাহত আছে বাধা নিষেধ।

বৰ্তমান পৰিস্থিতি কিছু স্বাভাৱিক হৈছে যদিও কিছু কিছু ক্ষেত্ৰত এতিয়াও অব্যাহত আছে বাধা নিষেধ।

বৰ্তমান পৰিস্থিতি কিছু স্বাভাৱিক হৈছে যদিও কিছু কিছু ক্ষেত্ৰত এতিয়াও অব্যাহত আছে বাধা নিষেধ।

  • Share this:
কোৰোণা ভাইৰাছ! প্ৰায় দুটা বছৰ ধৰি সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ কাৰণ হৈ পৰিছে কোৰোণা ভাইৰাছ। কোৰোণাৰ প্ৰথম আৰু দ্বিতীয় ঢৌয়ে বিধ্বস্ত কৰি পেলালে ভাৰতৰ অৰ্থনীতি। সকলো দিশতে আহিল স্তব্ধতা। চাকৰি হেৰুৱালে বহুলোকে। কোৰোণাৰ মহা সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ বলৱত্ কৰা হৈছিল কঠোৰ নীতি-নিৰ্দেশনা। বৰ্তমান পৰিস্থিতি কিছু স্বাভাৱিক হৈছে যদিও কিছু কিছু ক্ষেত্ৰত এতিয়াও অব্যাহত আছে বাধা নিষেধ।

কোৰোণা ভাইৰাছক প্ৰতিহত কৰিবলৈ দেশজুৰি চলি আছে ভেকচিনেশ্যন প্ৰক্ৰিয়া। অসমতো জোৰদাৰ গতিত চলি আছে ভেকচিনেশ্যন প্ৰক্ৰিয়া। সৰ্বাধিক লোকে প্ৰথম ডোজ ভেকচিন ইতিমধ্যে ল'লে যদিও দ্বিতীয় ডোজ ভেকচিন ল'বলৈ এতিয়া সৰহসংখ্যক লোক বাকী আছে।  এনে সময়তে আকৌ ঠায়ে ঠায়ে বাঢ়িছে কোৰোণাৰ সংক্ৰমণ। বহুতে তৃতীয় ঢৌৰ আগমনকলৈও শংকা প্ৰকাশ কৰিছে।

কেতিয়া আঁতৰিব কোৰোণাৰ বাধা-নিষেধ?

ৰাজ্যত এতিয়াও কিছু কিছু  দিনত বাহাল আছে কোৰোণাৰ কিছু কিছু বাধা নিষেধ। পিছে এই সকলোবোৰ বাধা নিষেধ আঁতৰিব কেতিয়া?  এইবাৰ এই সন্দৰ্ভত মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ মতে, কোৰোণাৰ ভেকচিন দিয়া কাম সম্পূৰ্ণ হোৱাৰ পিছতহে সকলোধৰণৰ বাধা-নিষেধ আঁতৰ হ'ব। সেইদৰে মুখ্যমন্ত্ৰীয়ে সকলোকে ভেকচিন ল'বলৈ পুনৰ এবাৰ আহ্বান জনাইছে।
Published by:Himangshu Bhuyan
First published: