ব্যক্তিগত বিদ্যালয়ে ৰেহাই দিব লাগিব ছাত্ৰ–ছাত্ৰীৰ ২৫ শতাংশ মাচুল, অন্যথা বন্ধ হ’ব স্কুল

কোৰোণা মহামাৰী বহু পৰিমাণে নিয়ন্ত্ৰণ হৈছে যদিও স্কুল সম্পূৰ্ণৰূপে খোলাৰ কথাটো ৰাজ্য চৰকাৰে বিবেচনা কৰি আছে বুলি সংবাদ মেলত জনায় শিক্ষা মন্ত্ৰীগৰাকীয়ে।
কোৰোণা মহামাৰী বহু পৰিমাণে নিয়ন্ত্ৰণ হৈছে যদিও স্কুল সম্পূৰ্ণৰূপে খোলাৰ কথাটো ৰাজ্য চৰকাৰে বিবেচনা কৰি আছে বুলি সংবাদ মেলত জনায় শিক্ষা মন্ত্ৰীগৰাকীয়ে।
- News18 Assam
- Last Updated: August 18, 2020, 8:47 PM IST
ইফালে কোৰোণা মহামাৰী বহু পৰিমাণে নিয়ন্ত্ৰণ হৈছে যদিও স্কুল সম্পূৰ্ণৰূপে খোলাৰ কথাটো ৰাজ্য চৰকাৰে বিবেচনা কৰি আছে বুলি সংবাদ মেলত জনায় শিক্ষা মন্ত্ৰীগৰাকীয়ে। অৱশ্যে অসমৰ চৰকাৰী–বেচৰকাৰী সকলো স্কুল–কলেজ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্ৰী, অধ্যাপকে ২১ আগষ্টৰ পৰা ৩১ আগষ্টলৈ কোভিড টেষ্ট কৰাটো বাধ্যতামূলক। তদুপৰি, কোভিডৰ নিগেটিভ ৰিপ’ৰ্ট লৈ সকলো শিক্ষক–শিক্ষয়িত্ৰী আৰু অধ্যাপকে ১ ছেপ্টেম্বৰৰ পৰা নিজ নিজ স্কুল–কলেজ অথবা বিশ্ববিদ্যালয়ৰ চাকৰিত যোগদান কৰিব লাগিব বুলি সংবাদ মেলত জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।