‘বৰ্তমানৰ বহু বিজেপি বিধায়কে নাপাব পাৰে দলীয় টিকট’ অগপৰ দখলত থকা সমষ্টিৰ সন্দৰ্ভতো তাত্‍পৰ্যপূৰ্ণ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ

News18 Assam | News18-Assam
Updated:August 24, 2020, 4:36 PM IST
‘বৰ্তমানৰ বহু বিজেপি বিধায়কে নাপাব পাৰে দলীয় টিকট’ অগপৰ দখলত থকা সমষ্টিৰ সন্দৰ্ভতো তাত্‍পৰ্যপূৰ্ণ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ
২০২১ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ছমাহ বাকী। নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই প্ৰস্তুত কৰিছে ৰণকৌশল।

২০২১ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ছমাহ বাকী। নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই প্ৰস্তুত কৰিছে ৰণকৌশল।

  • Share this:
২০২১ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ছমাহ বাকী। নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই প্ৰস্তুত কৰিছে ৰণকৌশল। ইতিমধ্যে এ আই ইউ ডি এফৰ সৈতে নিৰ্বাচনী মিত্ৰতা কৰিবলৈ আগবাঢ়িছে কংগ্ৰেছ দল। সেইদৰে বিজেপিও আকৌ এবাৰ ৰাজ্যৰ ক্ষমতা দখল কৰিবলৈ উঠি পৰি লাগিছে।

কিন্তু আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ বৰ্তমানৰ সকলো বিধায়কে লাভ কৰিবনে দলীয় টিকট? ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত্‍ দাসৰ পিছত নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰথমবাৰলৈ মুখ খুলিলে এই সন্দৰ্ভ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মন্তব্য, ‘আগন্তুক বিধানসভা নিৰ্বাচনত বৰ্তমান দলৰ সকলো বিধায়কে লাভ নকৰিবও পাৰে দলীয় টিকট। প্ৰতিটো সমষ্টি পৰ্যবেক্ষণ কৰা হ’ব। আৰু তাৰ পিছতহে টিকট পাব সমষ্টিত।’

মন্ত্ৰী শৰ্মাই লগতে কয় যে, ‘বিজেপিয়ে কিমান আসন লাভ কৰে সেয়া পিছৰ কথা।

কিন্তু নিৰ্বাচনত টাৰ্গেট ১০০। ৰাজ্যপালৰ ওচৰলৈ যোৱাৰ সময়ত ১০০ গৰাকী বিধায়ক লগত যাব। ডিচেম্বৰ-জানুৱাৰীৰ পৰা বিজেপিৰ ৰাজনীতি আৰম্ভ হ’ব। ২১ নিৰ্বাচনত মুখ্যমন্ত্ৰী প্ৰাৰ্থী প্ৰক্ষেপ কৰিবনে নকৰে সেয়া কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত ল’ব।’

ইফালে অসম গণ পৰিষদক সমষ্টি এৰি দিয়াৰ সন্দৰ্ভতো মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তাত্‍পৰ্যপূৰ্ণ মন্তব্য কৰে। মন্ত্ৰী হিমন্তৰ মতে, অসম গণ পৰিষদৰ দখলত থকা সমষ্টিসমূহো পৰ্যবেক্ষণ কৰিব বিজেপিয়ে। আৰু সকলো নিৰ্ণয় হোৱাৰ পিছতহে অগপক সমষ্টি এৰি দিব বিজেপিয়ে।

মন্ত্ৰী হিমন্তৰ মন্তব্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰিল যে, আগন্তুক বিধানসভা নিৰ্বাচনত বৰ্তমান অগপৰ দখলত থকা আটাইকেইটা সমষ্টি আকৌ এৰি নিদিয়ে অগপক। আনহাতে বৰ্তমান অগপৰ দখলত থকা দুই এটা সমষ্টি বিজেপিয়ে নিজৰ লগত ৰাখি, বেলেগ সমষ্টিও এৰি দিব পাৰে অগপক।
Published by: Himangshu Bhuyan
First published: August 24, 2020, 4:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি