NRCত নাম নাহিল পৰিয়ালৰ আটাইকেইজনৰ, প্ৰতীক হাজেলাৰ বিৰুদ্ধে এজাহাৰ দাখিল

১৯৫১ চনৰ লিগেচি দাতা আৰু উপযুক্ত নথিপত্ৰ দাখিল কৰাৰ পিছতো এন আৰ চি তালিকাত নাম অহা নাই পৰিয়ালটোৰ লোককেইজনৰ ।

News18
Updated:September 14, 2019, 9:09 AM IST
NRCত নাম নাহিল পৰিয়ালৰ আটাইকেইজনৰ, প্ৰতীক হাজেলাৰ বিৰুদ্ধে এজাহাৰ দাখিল
১৯৫১ চনৰ লিগেচি দাতা আৰু উপযুক্ত নথিপত্ৰ দাখিল কৰাৰ পিছতো এন আৰ চি তালিকাত নাম অহা নাই পৰিয়ালটোৰ লোককেইজনৰ ।
News18
Updated: September 14, 2019, 9:09 AM IST
শেহতীয়াকৈ প্ৰকাশিত নাগৰিক পঞ্জীৰ তালিতাক বাদ পৰিছে ডিব্ৰুগড়ৰ বহু লোক । এই ক্ষেত্ৰত বিসংগতিপূৰ্ণ ভাৱে তালিকা প্ৰকাশ হোৱাৰ অভিযোগ উত্থাপিত হৈছে । একেটি পৰিয়ালৰে দুজনৰ নাম আহিল কিন্তু নাম নাই অন্য দুজনৰ । ডিব্ৰুগড়ৰ শান্তিপাৰাৰ এটি পৰিয়ালৰ মাতৃ আৰু সৰু পুত্ৰৰ নাম আহিল কিন্তু নাম নাহিল ডাঙৰ পুত্ৰ, মাজু পুত্ৰ আৰু তেওঁলোকৰ পৰিয়ালৰ । এই বেমেজালিৰ বাবে বৰপুত্ৰ চন্দন মজুমদাৰে  এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।
১৯৫১ চনৰ লিগেচি দাতা আৰু উপযুক্ত নথিপত্ৰ দাখিল কৰাৰ পিছতো এন আৰ চি তালিকাত নাম অহা নাই পৰিয়ালটোৰ লোককেইজনৰ । এন আৰ চিয়ে প্ৰকৃত ভাৰতীয় লোকক মানসিক ভাৱে হাৰাশাস্তি কৰাৰ লগতে প্ৰকৃত ভাৰতীয় লোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে চন্দন মজুমদাৰে ।
আৰু চাওক পৰৱৰ্তী বাতৰি