বাক্সা জিলাতো বন্ধ ঘোষণা হ' ল চৰকাৰী আৰু বেচৰকাৰী সকলো প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদান৷ জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাই আজি এক জাননী জাৰি কৰি এই ঘোষণা কৰে। বাক্সা জিলাতো ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা৷ ইতিমধ্যে জিলাখনত আক্ৰান্তৰ সংখ্যা ১৩১জনলৈ বৃদ্ধি পাইছে৷ ছাত্ৰ–ছাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে।