দেশৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰি প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্তই দিয়া গোচৰত অৱশেষত জেৰাৰ সন্মুখীন হ'ল সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিৱাস বি ভি।
উচ্চতম ন্যায়ালয়ৰ পৰা অগ্ৰীম জামিন লৈ আজি গুৱাহাটীত উপস্থিত হোৱা শ্ৰীনিৱাসক আৰক্ষীয়ে সোধা–পোছা কৰে। অৱশ্যে সাংবাদিকৰ সন্মুখত এই সন্দৰ্ভত শ্ৰীনিৱাসে কোনো মতামত দিয়াৰ পৰা বিৰত থাকি এয়া ন্যায়ালয়ৰ অধীনস্থ বিষয় বুলি উল্লেখ কৰে।
উল্লেখ্য, আজি পুৱা বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে শ্ৰীনিৱাস (Srinivas BV in Guwahati)ক আদৰণি জনায় প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো জ্যেষ্ঠ নেতাই। তেওঁ কামাখ্যা মন্দিৰত পদাৰ্পণ কৰাৰ সময়ত আৰু পাণবজাৰ মহিলা আৰক্ষী থানা তথা চি আই ডিৰ কাৰ্যালয়লৈ যোৱাৰ সময়ত সংগ দিয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুলকে প্ৰমুখ্য কৰি বহু নেতাই।
উচ্চতম ন্যায়ালয়ত বিচাৰাধীন সমগ্ৰ বিষয়টোৱে এতিয়া কোনফালে গতি কৰে সেয়া লক্ষণীয় হ'ব।
Published by: Gautam Barman
FIRST PUBLISHED : May 22, 2023, 18:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।