বতৰ বিজ্ঞান বিভাগৰ আগজাননী, প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা। ক’ত কেনেকুৱা হ’ব বতৰ?

ভাৰতীয় বতৰ বিজ্ঞান বিভাগ(IMD)য়ে বুধবাৰে দেশৰ কিছু স্থানত প্ৰচণ্ড ধুমুহাৰ লগতে প্ৰৱল বৃষ্টিপাত হোৱাৰ আগজাননী দিয়ে। বতৰ বিভাগৰ অনুসৰি ৫ জুনত পশ্চিমবংগ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অসম আৰু মেঘালয়তো মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা।

news18assam
Updated:June 5, 2019, 5:06 PM IST
বতৰ বিজ্ঞান বিভাগৰ আগজাননী, প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা। ক’ত কেনেকুৱা হ’ব বতৰ?
ফাইল ফটো
news18assam
Updated: June 5, 2019, 5:06 PM IST
ভাৰতীয় বতৰ বিজ্ঞান বিভাগ(IMD)য়ে বুধবাৰে দেশৰ কিছু স্থানত প্ৰচণ্ড ধুমুহাৰ লগতে প্ৰৱল বৃষ্টিপাত হোৱাৰ আগজাননী দিয়ে। বতৰ বিভাগৰ অনুসৰি ৫ জুনত পশ্চিমবংগ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অসম আৰু মেঘালয়তো মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা। আনহাতে, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু বিদৰ্ভত গৰম বতাহ বলিব। ইয়াৰোপৰি দক্ষিণ হাৰিয়ানা, মৰাঠবাড়া আৰু তেলেংগানাতো গৰম বতাহ বলিব।

বতৰ বিভাগৰ অনুসৰি ৫ জুনত ৰায়লসীমা, তামিলনাডু, পুডুচেৰীত প্ৰচণ্ড ধুমুহাৰ লগতে প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা। আনহাতে জম্মু–কাশ্মীৰ, হিমাচলপ্ৰদেশ, উত্তৰাখণ্ড, ঝাৰখণ্ড, পশ্চিমবংগ, ওড়িশা, মধ্য মহাৰাষ্ট্ৰ, মৰাঠবাড়া, কোষ্টেল অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, বিদৰ্ভ, ছত্তীশগড়, কৰ্ণাটকৰ আভ্যন্তৰীণ অংশ আৰু কেৰেলাত প্ৰতিঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগেৰে বতাহ বলাৰ লগতে মুষলধাৰ বৰষুণৰ সম্ভৱনা যথেষ্ট। ইয়াৰোপৰি হাৰিয়ানা, চণ্ডীগড়, দিল্লী, পঞ্জাৱ আৰু পশ্চিম উত্তৰ প্ৰদেশত ধুমুহা–বৰষুণ হোৱাৰ সম্ভাৱনা।

৬ জুনত কেনেকুৱা হ’ব বতৰ

বতৰ বিভাগ অনুসৰি ৬ জুনত ৰায়লসীমা, কেৰেলা, তামিলনাডু আৰু পুডুচেৰীত ধুমুহাৰ লগতে দ্ৰুতগতিত বলিব পাৰে বতাহ। ইয়াৰ লগতে জম্মু–কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ, ওড়িশা, কোষ্টেল অন্ধ্ৰপ্ৰদেশ আৰু দক্ষিণ কৰ্ণাটকৰ আভ্যন্তৰীণ অংশত দ্ৰুতগতিত বলিব পাৰে বতাহ। ইফালে হাৰিয়ানা, চণ্ডীগড়, দিল্লী, পঞ্জাৱ আৰু পশ্চিম উত্তৰ প্ৰদেশত বলিব পাৰে বতাহ।

পূব ৰাজস্থান আৰু মধ্য প্ৰদেশৰ লগতে পশ্চিম ৰাজস্থানৰ কিছু অঞ্চলত গৰম বতাহ বলিব পাৰে। আনহাতে, বিদৰ্ভ, দক্ষিণ হাৰিয়ানা, মৰাঠবাড়া, ছত্তীশগড় আৰু তেলেংগানাৰ কিছু অংশত গৰম বতাহ বলিব।
আৰু চাওক পৰৱৰ্তী বাতৰি