"ৰাজ্যৰ এজনো বাঙালী হিন্দু বিদেশী নহয়, হিন্দু বাঙালীসকল শৰণাৰ্থীহে ৷ সকলো হিন্দু বাঙালীৰ নাম NRCত উঠিব আৰু ভোটাৰ তালিকাতো নাম উঠিব"
"ৰাজ্যৰ এজনো বাঙালী হিন্দু বিদেশী নহয়, হিন্দু বাঙালীসকল শৰণাৰ্থীহে ৷ সকলো হিন্দু বাঙালীৰ নাম NRCত উঠিব আৰু ভোটাৰ তালিকাতো নাম উঠিব"
পৌৰসভা নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে বৰপেটাৰোডৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হয় মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সম্পাদিকা নিয়তি দে ৷ বৰপেটাৰোডৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাই কয় বৰপেটাৰোডৰ প্ৰতিটো ৱাৰ্ডতেই বিজেপিৰ প্ৰাৰ্থী জয়ী হ'ব আৰু নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বৰপেটাৰোড পৌৰসভা বিজেপিয়ে গঠন কৰিব ৷
আনহাতে বিজেপিৰ মানুহ নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু জয়ী হৈ বিজেপি দলতেই যোগদান কৰিব বুলি চলোৱা প্ৰচাৰক অপপ্ৰচাৰ আখ্যা দিয়ে জয়ন্ত মল্ল বৰুৱাই ৷ বিজেপি দলত বেলেগ দলৰ পৰা মানুহ লোৱাৰ প্ৰয়োজন নাই আৰু প্ৰয়োজনবোধ নকৰে বুলি উল্লেখ কৰি আজিৰ তাৰিখত বিজেপি বহুত শক্তিশালী বুলিও কয় জয়ন্ত মল্ল বৰুৱাই ৷ বিজেপি দলৰ নাম লৈ যাতে কোনো নিৰ্দলীয় প্ৰাৰ্থীয়ে ভোট নিবিচিৰে তাৰবাবে সকীয়াই দিয়ে বিধায়ক জয়ন্ত মল্ল বৰুৱাই ৷ বিজেপিৰ পৰা বহিষ্কাৰ কৰা লোকসকলক চিৰদিনৰ বাবে বহিষ্কাৰ কৰা বুলি উল্লেখ কৰি কয় ভোট গণনাৰ দিনা নিৰ্দলীয় প্ৰাৰ্থীয়ে ৯/১০টাকৈহে ভোট লাভ কৰিব ৷
নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সম্পাদিকা নিয়তি দেই কয়, "ৰাজ্যৰ এজনো বাঙালী হিন্দু বিদেশী নহয়, হিন্দু বাঙালীসকল শৰণাৰ্থীহে ৷ হিন্দু বাঙালীসকলক লৈ বহুত গণ্ডগোল হৈছে বহুত মানুহ মৰিছে তথাপি হিন্দু বাঙালী সকলৰ হৈ বিজেপিয়ে যুঁজিছে বুলি মন্তব্য কৰি নেত্ৰীগৰাকীয়ে আৰু কয়- পূৰ্বে যি সকল বাঙালী হিন্দুৱে ভোট দিছিল আৰু সেইসকল বাঙালী হিন্দুৰ নাম NRC আহা নাই সেইসকল হিন্দু বঙালীয়ে চিন্তা কৰিব নালাগে ৷ সকলো হিন্দু বাঙালীৰ নাম NRCত উঠিব আৰু ভোটাৰ তালিকাতো নাম উঠিব" বুলি উদাত্ত কণ্ঠৰে কয় নিয়তি দেই ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|