ৰেড জ’ন তথা কোৰোণাৰ হটস্পট ধুবুৰী জিলাত বুধবাৰে খুলিব সকলো চৰকাৰী কাৰ্যালয়

News18 Assam | News18-Assam
Updated:April 21, 2020, 11:24 PM IST
ৰেড জ’ন তথা কোৰোণাৰ হটস্পট ধুবুৰী জিলাত বুধবাৰে খুলিব সকলো চৰকাৰী কাৰ্যালয়
FILE PHOTO

কাৰ্যালয়লৈ অহা প্ৰতিজন কৰ্মচাৰীয়ে  লগত নিজৰ পৰিচয় পত্ৰ আনিব লাগিব আৰু ব্যক্তিগত বাহনত কাৰ্যালয়লৈ আহিব নোৱাৰিব।

  • Share this:
বুধবাৰৰ পৰা ৰেড জ’ন তথা হটস্পটত থকা ধুবুৰী জিলাৰ চৰকাৰী কাৰ্যালয়সমূহ বিশেষ কেতবোৰ নিয়মৱালীৰ মাজেৰে বুধবাৰৰ পৰা খোলাৰ বাবে জিলা উপায়ুক্তই এক নিৰ্দেশনা জাৰি কৰিছে৷ উক্ত নিৰ্দেশনা অনুসৰি চৰকাৰী কাৰ্যালয়ৰ মুৰব্বীসকলে নিজ নিজ কাৰ্যালয়ত ৰোটেচন পদ্ধতিৰে মুঠ কৰ্মচাৰীৰ ৩৩ শতাংশ  উপস্থিত ৰখাৰ ব্যৱস্থা লোৱাৰ লগতে কাৰ্যালয়ত হেণ্ড চেনিটাইজাৰ আৰু হাত ধোৱাৰ ব্যৱস্থা কৰিব লাগিব৷

জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানীয়ে দিয়া আদেশ মতে, কাৰ্যালয়লৈ অহা প্ৰতিজন কৰ্মচাৰীয়ে  লগত নিজৰ পৰিচয় পত্ৰ আনিব লাগিব আৰু ব্যক্তিগত বাহনত কাৰ্যালয়লৈ আহিব নোৱাৰিব।

আনহাতে, নিজৰ নিজৰ কাৰ্যালয়লৈ আহিবলগীয়া কৰ্মচাৰীসকলৰ "পিক আপ" পইণ্টসমূহ জিলা প্ৰশাসনক অৱগত কৰাবলৈ সংশ্লিষ্ট মুৰব্বী বিষয়াসকলক নিৰ্দেশ দিয়াৰ লগতে কাৰ্যালয়ত মাস্ক পিন্ধা আৰু সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক কৰা হৈছে৷

উল্লেখযোগ্য যে  ধুবুৰীসহ জিলাখনৰ কোভিড–১৯ পজিটিভ থকা  কনটেইনমেণ্ট অঞ্চলৰ  চৰকাৰী কৰ্মচাৰীসকল কাৰ্যালয়লৈ অহাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হোৱাৰ  লগতে উক্ত অঞ্চলসমূহৰ  কাৰ্যালয়সমূহ বন্ধ থাকিব বুলি জিলা উপায়ুক্তই জাৰি কৰা নিৰ্দেশটোত কোৱা হৈছে৷
Published by: Sanjay Kumar Das
First published: April 21, 2020, 11:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি