• Home
  • »
  • News
  • »
  • assam
  • »
  • ‍Heavy Rain | Barpeta: বৰপেটা জিলাত শনিবাৰলৈকে বন্ধ ঘোষণা সকলো শিক্ষানুষ্ঠান

‍Heavy Rain | Barpeta: বৰপেটা জিলাত শনিবাৰলৈকে বন্ধ ঘোষণা সকলো শিক্ষানুষ্ঠান

ছেবা, AHSEC আৰু বিশ্ববিদ্যালয়ৰ অধীনত চলি থকা কোনো পৰীক্ষাৰ বাবে অনুমতি লোৱাৰ নিৰ্দেশ

ছেবা, AHSEC আৰু বিশ্ববিদ্যালয়ৰ অধীনত চলি থকা কোনো পৰীক্ষাৰ বাবে অনুমতি লোৱাৰ নিৰ্দেশ

ছেবা, AHSEC আৰু বিশ্ববিদ্যালয়ৰ অধীনত চলি থকা কোনো পৰীক্ষাৰ বাবে অনুমতি লোৱাৰ নিৰ্দেশ

  • Share this:
বৰপেটা জিলাত শনিবাৰলৈকে বন্ধ ঘোষণা সকলো শিক্ষানুষ্ঠান ৷ বৰপেটাৰ জিলা উপায়ুক্তই আজি এক নিৰ্দেশনাযোগে জিলাখনৰ সকলোবোৰ চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ জাৰি কৰিছে ৷

প্ৰবল বৃষ্টিপাতৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা অহা ১৮ জুনলৈকে শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰে উপায়ুক্তই ৷

অৱশ্যে ছেবা, AHSEC আৰু বিশ্ববিদ্যালয়ৰ অধীনত চলি থকা কোনো পৰীক্ষাৰ বাবে শিক্ষানুষ্ঠানসমূহে এইক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা আগতীয়া অনুমতি ল'বলৈ শিক্ষানুষ্ঠানৰ মুৰব্বীসকললৈ নিৰ্দেশনা জাৰি উপায়ুক্তৰ ৷
Published by:Gautam Barman
First published: