কালি নিখিল বড়ো ছাত্ৰ সন্থা (All Bodo Students Union) চমুকৈ এবচুই বিটিচিৰ সদৰ কোকৰাঝাৰত অভিযান চলায়। উক্ত অভিযান অনুসৰি এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ একাংশ কর্মীয়ে কোকৰাঝাৰ চহৰৰ বিভিন্ন স্থানত ইংৰাজী আৰু অসমীয়া ভাষাত লিখা নাম ফলক, নীতি-নির্দেশনা লিখা চাইনবোর্ডত ৰং সানি অভিযান চলায়।
এবচুৰ দাবী অনুসৰি, ইংৰাজী ভাষাত নহয় যিকোনো অনুষ্ঠান-প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান সকলোৰে নাম ফলক প্ৰথমে বড়ো দ্বিতীয়তে অসমীয়া আৰু শেষত ইংৰাজী ভাষাত লিখিব লাগিব।
এই সন্দৰ্ভত কোকৰাঝাৰ জিলা এবছুৰ সাধাৰণ সম্পাদক খাম্ফা বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, আৰবান ডেভলপমেন্ট বিভাগে বিভিন্ন এলেকা পথ, কাৰ্যালয়সমূহৰ দিশ নিৰ্ণয় কৰি যি ফলক আঁৰি দিছে সেয়া ভাল কথা কিন্তু বড়ো, অসমীয়াক একাষৰীয়া কৰি একমাত্ৰ ইংৰাজী ভাষাক প্ৰাধান্য দিয়া হৈছে বুলি তেওঁ অভিযোগ কৰে। ছাত্র নেতাগৰাকীয়ে লগতে সকলো নাম ফলকত প্ৰথমে বড়ো আৰু অসমীয়া তাৰ পাছতহে ইংৰাজী ভাষাত লিখা হ'ব লাগিব বুলি স্পষ্ট কৰি দিয়ে । তেওঁ লগতে ১৫ এপ্ৰিলৰ ভিতৰত বিটিচিৰ প্ৰতিটো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, দোকান, ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে পথসমূহৰ নাম বড়ো আৰু অসমীয়াত লিখিব লাগিব বুলি দৃঢ়তাৰে কয়। এইক্ষেত্ৰত কোকৰাঝাৰ উন্নয়ন প্ৰাধিকৰণক আহ্বান জনোৱা হৈছে বুলি তেওঁ জানিবলৈ দি প্ৰাধিকাৰীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি আক্ষেপ কৰে। সেয়ে ১৫ এপ্ৰিলৰ ভিতৰত এবছুৰ এই দাবী কাৰ্যকৰী নকৰিলে সংগঠনৰ তৰফৰ পৰা বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও ছাত্র নেতাগৰাকীয়ে হুংকাৰ দিয়ে।
তাৎপর্যপূর্ণ কথাটো হৈছে এবছুই য'ত ইংৰাজী ভাষাৰ নাম ফলক তথা চাইনবোর্ডবোৰৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে বুলি জানিবলৈ দিছে যদিও কার্যক্ষেত্ৰত এবছুৰ কৰ্ম- কর্তাসকলে অসমীয়া ভাষাৰ ফলক, ট্ৰেফিক নীতি-নির্দেশনা আদি সকলোতে ক'লা ৰং সানি দিছে। এবছুৰ এই কাৰ্যই কোকৰাঝাৰ চহৰৰ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Published by: Subham Goswami
FIRST PUBLISHED : March 21, 2023, 18:43 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।