মুখ্যপৃষ্ঠা »খবৰ »অসম »১১ নৱেম্বৰৰ পৰা বিজেপি দলৰ বিধায়কক লগ নাপাব অসমত, পিছে কাৰণ কি জানেনে?

১১ নৱেম্বৰৰ পৰা বিজেপি দলৰ বিধায়কক লগ নাপাব অসমত, পিছে কাৰণ কি জানেনে?

মুম্বাইলৈ যাব সকলো বিজেপি মন্ত্ৰী-বিধায়ক। মুম্বাইত দেশৰ সকলো বিজেপি বিধায়কে ল'ব প্ৰশিক্ষণ।

মুম্বাইলৈ যাব সকলো বিজেপি মন্ত্ৰী-বিধায়ক। মুম্বাইত দেশৰ সকলো বিজেপি বিধায়কে ল'ব প্ৰশিক্ষণ।

  • Share this:
১২, ১৩ আৰু ১৪ নৱেম্বৰত সমগ্ৰ দেশৰ বিজেপি বিধায়কসকলে অংশগ্ৰহণ কৰিব তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰত ৷ দলৰ বিচাৰ ধাৰা, দলৰ আদৰ্শৰ লগতে বিধায়ক পুঁজিৰ ব্যৱহাৰ, আঁচনি ৰূপায়ণ, অন্তোদ্যয়ৰ দ্বাৰা সমাজৰ শেষৰ ব্যক্তিজনৰ কাষ চপা আদি বিষয়কলৈ আলোচনা আৰু প্ৰশিক্ষণ ল'ব বিধায়কসকলে ৷

বিজেপি শাসিত ৰাজ্যসমূহৰ লগতে বিজেপিয়ে শাসন নকৰা ৰাজ্যসমূহৰ বিজেপি বিধায়কসকলো উপস্থিত থাকিব প্ৰশিক্ষণত ৷ মুম্বাইৰ ৰামভাও মহাল্গী প্ৰবোধিনীত হ'বলগীয়া প্ৰশিক্ষণ শিবিৰৰ বাবে ৯ নৱেম্বৰতে মুম্বাইলৈ ৰাওনা হ'ব অসমৰ অধিকাংশ বিজেপি বিধায়ক ৷

"১২, ১৩ আৰু ১৪ নৱেম্বৰত মুম্বাইৰ ৰামভাও মাল্গী প্ৰবোধিনীত অনুষ্ঠিত হ'ব দেশৰ সকলো বিজেপি বিধায়কৰ প্ৰশিক্ষণ ৷ তিনিদিনীয়া প্ৰশিক্ষণ শিৱিৰত মাৰ্গদৰ্শনৰ বাবে সমল ব্যক্তি হিচাপে উপস্থিত থাকিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকে ধৰি শীৰ্ষ নেতৃত্ব ৷ উন্নয়নমূলক কাম-কাজ, দলৰ বিচাৰ ধাৰা,পুঁজিৰ ব্যৱহাৰকে ধৰি আন বহু বিষয়ত বিতংকৈ সমল ব্যক্তিসকলে প্ৰশিক্ষণ দিব ৷ যাৰ বাবে ৯ তাৰিখেই আমি ৰাওনা হ'ম ৷ ১১ তাৰিখৰ ভিতৰত সকলো বিধায়ক উপস্থিত হ'ব লাগিব ৷"—ভৱেশ কলিতাই এনেদৰে কয়।

শেহতীয়া বাতৰি