মন্ত্ৰী–বিধায়কৰ গাড়ীৰে ভৰি পৰিল বৰঝাৰ বিমানবন্দৰ। ইখনৰ পিছত সিখন গাড়ী আহি ভিৰ কৰিলে বৰঝাৰ বিমানবন্দৰৰ ভি আপি পি পাৰ্কিং। কিয়নো আজি বিজেপিৰ সকলো বিধায়ক ৰাওনা হ'ল মুম্বাইলৈ। মুম্বাইলৈ ৰাওনা ইজনৰ পিছত সিজন বিজেপি বিধায়ক। মুম্বাইত বিজেপি মন্ত্ৰী বিধায়কৰ হ'ব বিশেষ প্ৰশিক্ষণ। ৰাষ্ট্ৰীয় স্বয়ং সংঘৰ সৈতে বিজেপিৰ সকলো মন্ত্ৰী-বিধায়কৰ হ'ব বিশেষ প্ৰশিক্ষণ।
ইতিমধ্যে বুধবাৰেই মুম্বাইলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযূষ হাজৰিকা। আজি বৰঝাৰ বিমানবন্দৰৰ পৰা মুম্বাইলৈ ৰাওনা হ'ল বিজেপিৰ সকলো মন্ত্ৰী-বিধায়ক। ১২ নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰলৈ মুম্বাইত প্ৰশিক্ষণ দিয়া হ’ব সকলোকে। এই প্ৰশিক্ষণত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ , বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্যে সকলো মন্ত্ৰী–বিধায়ক উপস্থিত থাকিব।
সেয়ে এফালৰ পৰা ৰূপজ্যোতি কুৰ্মীৰ পৰা আৰম্ভ কৰি অজন্তা নেওগলৈ, ভৱেশ কলিতাৰ পৰা ৰঞ্জিত দাসলৈ সকলো ৰাওনা হ'ল মুম্বাইলৈ। মুম্বাইলৈ গমন কৰাৰ পূৰ্বে ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য, শীঘ্ৰে কংগ্ৰেছৰ ২ বিধায়কে যোগদান কৰিব বিজেপিত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|