உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • GMC Election: নিৰ্বাচন নহয় যেন এক মিছনহে, GMC নিৰ্বাচনৰ বাবে উবুৰি খাই পৰিছে গেৰুৱা বাহিনী!

    GMC Election: নিৰ্বাচন নহয় যেন এক মিছনহে, GMC নিৰ্বাচনৰ বাবে উবুৰি খাই পৰিছে গেৰুৱা বাহিনী!

    লোকসভা,ৰাজ্যসভা, বিধানসভা সকলোতে সংখ্যা লাগে বিজেপিক! 

    লোকসভা,ৰাজ্যসভা, বিধানসভা সকলোতে সংখ্যা লাগে বিজেপিক! 

    লোকসভা,ৰাজ্যসভা, বিধানসভা সকলোতে সংখ্যা লাগে বিজেপিক! 

    • Share this:
    কি লোকসভা, কি বিধানসভা, স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনেই হওক বা আন নিৰ্বাচন সকলোতে সমান গুৰুত্ব গেৰুৱা দল বিজেপিৰ ৷ শূন্যৰ পৰা আৰম্ভ হোৱা দলটো দেশজুৰি এতিয়া শক্তিশালী ৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনো সেয়ে বিজেপিৰ বাবে নিৰ্বাচন নহৈ হৈ পৰিছে মিছন ৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন নহয় যেন লোকসভা বা বিধানসভাৰ নিৰ্বাচনহে ৷ পৰিৱেশ দেখিলে এতিয়া তেনেকুৱাই লাগে ৷

    GMCৰ নিৰ্বাচনক এক মিছন হিচাপে লৈ গেৰুৱা দলৰ সকলো বাঘা বাঘা নেতা নামি পৰিছে নিৰ্বাচনী ৰণক্ষেত্ৰত ৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈকে সকলো নামিছে প্ৰচাৰত ৷ এটাই কথা বাঢ়িব লাগে সংখ্যা ৷ সেয়ে ৰাজ্যসভাৰ সাংসদ তথা বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পৱিত্ৰ মাৰ্ঘেৰিটাই ক'লে, TMC,AAP আদি দলক লৈ মূৰ নঘমাই বিজেপিয়ে ৷ অকল শাসনত থাকিবলৈ নিৰ্বাচনত নুযুঁজে বিজেপিয়ে৷

    "আমাৰ লক্ষ্য ৰাষ্ট্ৰ নিৰ্মাণ ৷ নিৰ্বাচন ইয়াৰ মাজৰে এক প্ৰক্ৰিয়া ৷ এই প্ৰক্ৰিয়াটোকো আমি নিৰন্তৰ প্ৰক্ৰিয়াৰ দৰে সমান গুৰুত্ব দিওঁ ৷ সেয়ে দেখিব কোনো এটা নিৰ্বাচন আমাৰ বাবে সৰু বা ডাঙৰ নহয় ৷" কয় পৱিত্ৰ মাৰ্ঘেৰিটাই।

    ১৯৮০ চনত জন্ম হোৱা ভাৰতীয় জনতা পাৰ্টীৰ (‍BJP) দেশত স্থিতি এতিয়া শক্তিশালী ৷ দুখন আসনেৰে আৰম্ভ কৰি দেশজুৰি ৫৪৩খন লোকসভা আসনৰ ভিতৰত এতিয়া বিজেপিৰ নিজা লোকসভা সাংসদ ৩০১গৰাকী ৷ ঠিক একেদৰে ৰাজ্যসভাৰ ২৪৫খন আসনৰ ভিতৰত বিজেপিৰ নিজা ৰাজ্যসভাত সাংসদ আছে ১০১গৰাকী ৷ বিধানসভাৰ বেলিকা যদি আমি চকু ফুৰাও তাত দেখা যায় দেশৰ মুঠ ৪০৩৬খন বিধানসভাৰ আসনৰ বিজেপিৰ দখলত আছে ১৩৭৬খন আসন ৷

    একেদৰে দেশৰ ৪২৬বিধান পৰিষদৰ ভিতৰত বিজেপিৰ দখলত আছে ১১৫টা বিধান পৰিষদ ৷ গেৰুৱা বাহিনীয়ে কোনো নিৰ্বাচনকে যে সহজভাৱে নলয় তাৰ উদাহৰণ  শেহতীয়াভাৱে ৰাজ্যত অনুষ্ঠিত হোৱা প্ৰতিটো নিৰ্বাচন ৷ ঠেঙাল কছাৰী, দেউৰী, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদ, পৌৰসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছত এইবাৰ পৌৰ নিগম যিকোনো প্ৰকাৰে লাগে বিজেপিক ৷ GMC নিৰ্বাচনকো এক মিছন হিচাপে লোৱা বিজেপিৰ এই আগ্ৰাসী ৰূপক দলীয় কলহত জৰ্জৰ কংগ্ৰেছ বা বিৰোধী শিবিৰে কি ৰণকৌশলেৰে ভেটা দিব সেয়া বাৰুকৈয়ে লক্ষণীয় হ'ব ৷
    Published by:Gautam Barman
    First published: