• Home
  • »
  • News
  • »
  • assam
  • »
  • ২১ আৰু ২৮ আগষ্টত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা নিকা আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ...

২১ আৰু ২৮ আগষ্টত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা নিকা আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ...

অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ৰ দ্বাৰা এই পৰীক্ষা অনুষ্ঠিত হ'ব । অহা ২১ আগষ্টত চতুৰ্থ বৰ্গৰ আৰু অহা ২৮ আগষ্টত তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব ৷ আনহাতে ৰাজ্যখনৰ ২৪খন জিলাত চতুৰ্থ বৰ্গ আৰু ২৫ খন জিলাত তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব ।

  • Share this:
তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদ পূৰণৰ বাবে অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা সদৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যৰে আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত এক বৈঠক অনুষ্ঠিত হয় ।

অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ৰ দ্বাৰা এই পৰীক্ষা অনুষ্ঠিত হ'ব । অহা ২১ আগষ্টত চতুৰ্থ বৰ্গৰ আৰু অহা ২৮ আগষ্টত তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব ৷ আনহাতে ৰাজ্যখনৰ ২৪খন জিলাত চতুৰ্থ বৰ্গ আৰু ২৫ খন জিলাত তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব ।

বৈঠকত মুখ্যমন্ত্ৰীয়ে সমগ্র নিযুক্তি প্রক্রিয়া সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে বিষয়াসকলক নির্দেশ দিয়ে । মুখ্যমন্ত্ৰীয়ে শীর্ষ বিষয়াসকলক লিখিত পৰীক্ষাৰ দিনা যাতে কোনো ধৰণৰ অনিয়ম সংঘটিত নহয়, তাৰ বাবে প্রয়োজনীয় সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ নির্দেশ দিয়ে । মোবাইল ফোন আদি সামগ্ৰী লৈ কোনো প্রার্থীয়ে যাতে পৰীক্ষা গৃহত প্ৰৱেশ কৰিব নোৱাৰে— সেইটো সুনিশ্চিত কৰিবলৈ গৃহ আৰু ৰাজনৈতিক বিভাগৰ বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে ।

ইপিনে মুখ্যমন্ত্ৰীয়ে আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তক প্ৰতিখন জিলাতে আৰক্ষী অধীক্ষক পর্যায়ৰ এগৰাকী বিষয়াক জিলাখনৰ সকলো পৰীক্ষা কেন্দ্ৰৰ সুৰক্ষাৰ সামগ্রিক দায়িত্ব প্রদান কৰিবলৈ নিৰ্দেশ দিয়ে ।  লগতে প্ৰতিটো কেন্দ্রতে উপ পৰিদর্শক পর্যায়ৰ একো একোগৰাকী বিষয়াক দায়িত্ব দিবলৈ নির্দেশ দিয়ে । অসৎ উপাই অৱলম্বন কৰা, উৰা বাতৰি বিয়পোৱা দৰে প্ৰথাৰ আশ্ৰয় লোৱা সকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে শূন্য সহনশীল নীতি গ্রহণ কৰিবলৈ নিৰ্দেশ দিয়ে ।

নিকা নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে নির্বাচিত হোৱা মেধা সম্পন্ন যুৱক-যুৱতীসকলে ৰাজ্যখনৰ চৰকাৰী প্রশাসন ব্যৱস্থাটোৰ লক্ষ্যণীয় পৰিৱর্তন সাধন কৰিব পাৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়— “কঠোৰ পৰিশ্ৰমৰ দ্বাৰা চাকৰি লাভ কৰা প্রার্থীসকলে শ্ৰমৰ মর্যাদা সঠিকভাৱে উপলব্ধি কৰিব পাৰিব । এনে প্রার্থীসকলে কৰ্তব্যৰ প্ৰতি সচেতন হোৱাৰ লগতে অনৈতিক কাৰ্যৰ পৰা বিৰত থাকিব ।

আজিৰ বৈঠকত আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্ত, ৰাজ্য চৰকাৰৰ শীৰ্ষ প্ৰশাসনিক আৰু আৰক্ষী বিষয়া তথা ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ বিষয়াসকল উপস্থিত আছিল ।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি