ছিপাঝাৰৰ গৰুখুঁটিত উচ্ছেদ কাণ্ডক লৈ চলা প্ৰতিবাদ তথা সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত কাইলৈ দৰং জিলা বন্ধ ঘোষণা কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই। উচ্ছেদ অভিযানৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতিবাদত দৰং জিলা বন্ধৰ আহ্বান জনায় সংগঠনটোৱে।
সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ বন্ধ ঘোষণালৈ সমৰ্থন জনাইছে এআইইউডিএফে। আনহাতে কাইলৈ চৰকাৰে পুনৰ উচ্ছেদ অভিযান চলাব বুলি জানিব পৰা গৈছে।
ইয়াৰ উপৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে জানিবলৈ দিয়া মতে, কাইলৈ সভাপতি ভূপেন বৰা আৰু ৰাজ্যিক কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলৰ নেতৃত্বত ঘটনাস্থলী পৰিদৰ্শন কৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|