உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৰোগীৰ কাষত নহয়, ৰাজপথত আশা কৰ্মী! দাবী মানি নল'লে ভোট বৰ্জনৰ হুংকাৰ ৩৩ হাজাৰ আশা কৰ্মীৰ

    ৰোগীৰ কাষত নহয়, ৰাজপথত আশা কৰ্মী! দাবী মানি নল'লে ভোট বৰ্জনৰ হুংকাৰ ৩৩ হাজাৰ আশা কৰ্মীৰ

    চৰাইদেউ জিলাৰ সদৰ সোণাৰিত প্ৰতিবাদ সাব্যস্ত কৰিলে আশা কৰ্মীয়ে। সদৌ অসম আশা কৰ্মী সন্থাৰ আহ্বানত সোণাৰিত আশা কৰ্মীৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট।

    চৰাইদেউ জিলাৰ সদৰ সোণাৰিত প্ৰতিবাদ সাব্যস্ত কৰিলে আশা কৰ্মীয়ে। সদৌ অসম আশা কৰ্মী সন্থাৰ আহ্বানত সোণাৰিত আশা কৰ্মীৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট।

    চৰাইদেউ জিলাৰ সদৰ সোণাৰিত প্ৰতিবাদ সাব্যস্ত কৰিলে আশা কৰ্মীয়ে। সদৌ অসম আশা কৰ্মী সন্থাৰ আহ্বানত সোণাৰিত আশা কৰ্মীৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট।

    • Share this:
    চৰাইদেউ জিলাৰ সদৰ সোণাৰিত প্ৰতিবাদ সাব্যস্ত কৰিলে আশা কৰ্মীয়ে। সদৌ অসম আশা কৰ্মী সন্থাৰ আহ্বানত সোণাৰিত আশা কৰ্মীৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট। আশা কৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণ, অসমৰ ৩৩ হাজাৰ আশা কৰ্মীক উপযুক্ত মজুৰিৰ ব্যৱস্থা কৰা, অনাদায় হৈ থকা বকেয়া ধন অতি শীঘ্ৰে আদায় কৰা, আশা কৰ্মীসকলক অতি শীঘ্ৰে নিযুক্তি পত্ৰ প্ৰদান কৰাকে ধৰি বহু কেইটা সমস্যা সমাধানৰ দাবীত আজি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

    চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ মাজমজিয়াত থকা  লাচিত উদ্যানৰ সন্মুখত আশা কৰ্মী সন্থাৰ সোণাৰি শাখাই সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী। দীৰ্ঘদিনীয়া সমস্যা সমূ্হৰ সামাধানৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ সদিচ্ছা প্ৰকাশ নকৰাত বুধবাৰে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা উক্ত ধৰ্মঘট কাৰ্যসূচীলৈ ওলাই আহি আশা কৰ্মীসকলে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

    অনাগত দিনত আশা কৰ্মীসকলৰ দাবী সমূহ যদি ৰাজ্য চৰকাৰে মানি নলয়, তেন্তে সমগ্ৰ অসমৰ ৩৩ হেজৰ আশা কৰ্মীৰ লগতে তেওঁলোকৰ পৰিয়ালে বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হংকাৰ প্ৰদান কৰে। আনহাতে স্বাস্থ্য বিভাগৰ বিভিন্ন আচঁনি যেনে, প'লিঅ' টিকাকৰণ, ক'ভিড ১৯ৰ সম্বন্ধীয় চৰকাৰী কাৰ্য্যসূচী, মাতৃত্ব আৰু নবজাতকৰ সুৰক্ষা সম্বন্ধীয় আৰু আন আন স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ পৰা বিৰত থকাৰ লগতে কৰ্মস্থলীলৈ যোৱাৰ পৰাও বিৰত থাকিব বুলি চৰকাৰক সকীয়াই দিয়ে।

    মন কৰিবলগীয়া যে, যোৱা ৬ জানুৱাৰীৰ পৰা ২০ জানুৱাৰী পৰ্যন্ত সদৌ অসম আশা কৰ্মী সন্থাৰ আহ্বানত ৰাজ্যখনৰ ৩৩ হাজাৰ আশা কৰ্মীৰ সৰ্ব্বাত্মক কৰ্ম বিৰতিৰ ফলত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে অসমৰ স্বাস্থ্য কেন্দ্ৰ আৰু চিকিৎসালয় সমূহত।
    Published by:Himangshu Bhuyan
    First published: