• Home
  • »
  • News
  • »
  • assam
  • »
  • 'অসমৰ সকলো লোকেই বেদখলকাৰী'-চৰ-চাপৰিৰ লোকৰ পক্ষত মাত মাতিবলৈ গৈ অদ্ভুট যুক্তি বিধায়ক আমিনুল ইছলামৰ

'অসমৰ সকলো লোকেই বেদখলকাৰী'-চৰ-চাপৰিৰ লোকৰ পক্ষত মাত মাতিবলৈ গৈ অদ্ভুট যুক্তি বিধায়ক আমিনুল ইছলামৰ

চৰ চাপৰিৰ লোকক পক্ষত মাত মাতিবলৈ গৈ অসমৰ প্ৰতিজন লোককেই বেদখলকাৰী সজালে ধিঙৰ বিধায়ক আমিনুল ইছলামে।

চৰ চাপৰিৰ লোকক পক্ষত মাত মাতিবলৈ গৈ অসমৰ প্ৰতিজন লোককেই বেদখলকাৰী সজালে ধিঙৰ বিধায়ক আমিনুল ইছলামে।

চৰ চাপৰিৰ লোকক পক্ষত মাত মাতিবলৈ গৈ অসমৰ প্ৰতিজন লোককেই বেদখলকাৰী সজালে ধিঙৰ বিধায়ক আমিনুল ইছলামে।

  • Share this:
আকৌ এবাৰ মুখ খুলি বিতৰ্কৰ সূচনা কৰিব বিচাৰিলে ধিঙৰ বিধায়ক আমিনুল ইছলামে। চৰ-চাপৰত বাসকৰা সন্দেহযুক্ত একাংশ লোকৰ হৈ মাত মাতিবলৈ যাওতে অসমত বাস কৰা প্ৰতিজন লোককে বেদখলকাৰী সঁজালে AIUDFৰ বিতৰ্কিত বিধায়কজনে।

ছচিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰা এক ভিডিও বাৰ্তাত আমিনুলে কয় যে, 'ৰাজ্যত ৭০, ৮০টা চৰ আছে। এই চৰবোৰত ইতিমধ্যে মানুহৰ দুটা তিনিটা প্ৰজন্ম পাৰ গৈ গ'ল। আজি চৰকাৰে তেওঁলোকক বেদখলকাৰী বুলি কৈ আছে। মই এটা কথাই কও, তেওঁলোক যদি বেদখলকাৰী, এটা সময়ত অসমৰ সকলো লোকেই বেদখলকাৰী আছিল। যিসকল লোক গৃহহীন, ভূমিহীন, যাৰ ঘৰ নাই তেওঁলোকৰ বাবে মাটিৰ পট্টাৰ ব্যৱস্থা কৰা চৰকাৰৰ প্ৰধান দায়িত্ব। ভূমি প্ৰদান কৰা চৰকাৰৰ দায়িত্ব। উচ্ছেদ চলোৱাতকৈ সংস্থাপনৰ ব্যৱস্থা কৰক চৰকাৰে।'



উল্লেখ্য যে, অবৈধ ভাবে চৰকাৰী মাটি দখল কৰা লোকক উচ্ছেদ কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিলই এনেদৰে হেঙাৰ হিচাপে থিয় দিয়ে বিধায়ক আমিনুল ইছলামে। বিভিন্ন সময়ত বিতৰ্কিত কথা বতৰাৰে সংবাদ মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা আমিনুল ইছলামৰ এই মন্তব্য এতিয়া ৰাজ্যবাসীয়ে কিদৰে গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয়।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি