NRCৰ প্ৰসংগত বুধবাৰে বৰাকৰ AIUDFৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাই অসমত এজনো বাংলাদেশী নাই তথা বদৰুদ্দিন আজমলে অসমৰ নেতৃত্ব লোৱাতো উজনি অসমৰ বুদ্ধিজীৱীয়ে বিচাৰে বুলি কৰা মন্তব্যৰ সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ ৷ এতিয়া কৰিম উদ্দিন বৰভূঞাক উভতি ধৰিছে বিজেপি বিধায়কে ৷
'অসমত এজনো বাংলাদেশী নাই। অসমত যদি বাংলাদেশী আছে, চৰকাৰে নেখেদে কিয়? বৰাকৰ AIUDF বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ এই মন্তব্যৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে কমলপুৰৰ বিজেপি বিধায়ক দিগন্ত কলিতা।
কৰিম উদ্দিন বৰভূঞাক প্ৰত্যুত্তৰ দিবলৈ গৈ বিধায়ক কলিতাই ক'লে ,"AIUDFৰ সকলো বিধায়ক বাংলাদেশী। বাংলাদেশী নাই বুলি হাস্যকৰ কথা কৈছে কৰিম উদ্দিনে ৷ বদৰুদ্দিন আজমলক কোনো দিনে অসমৰ নেতৃত্ব ল'বলৈ নিদিয়ে বিজেপিয়ে ৷ অহা দহ পোন্ধৰ বছৰলৈ বিজেপি চৰকাৰেই থাকিব অসমত ৷ উজনিৰ কোন বুদ্ধিজীৱীয়ে কৈছে ৰাজহুৱা কৰক ৷ আচলতে বুদ্ধিজীৱী কি সেয়াই নাজানে কৰিমুদ্দিনে ৷"
ইফালে NRC পুনৰীক্ষণৰ প্ৰসংগত কৰিম উদ্দিন বৰভূঞাই কৰা বিতৰ্কিত মন্তব্যকলৈ ৰাজ্যৰ ৰাজনীতি গৰম হৈ থকাৰ সময়তে এইবাৰ কংগ্ৰেছী বিধায়ক ছিদ্দিক আহমেদে কৰিলে আন এট বিতৰ্কিত মন্তব্য। ছিদ্দিক আহমেদে কয় যে, "বন্ধ কৰিব লাগে NRC। অপ্ৰয়োজনীয় NRCৰ পুনৰীক্ষণ।"
যি সময়ত NRCকলৈ চলিছে ইখনৰ পিছত সিখন উচ্চস্তৰীয় বৈঠক সেই সময়ত কংগ্ৰেছ AIUDFৰ বিধায়কৰ মুখেৰে ওলোৱা কেতবোৰ কথাই দল দুটাৰ NRCক লৈ কি স্থিতি সেয়া স্পষ্ট কৰিছে ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|