৩৬ ঘণ্টাৰ ভিতৰত ডিব্ৰুগড়ৰ চাঞ্চ্যলকৰ কিশোৰী ধৰ্ষণৰ আটাইকেইটা অভিযুক্ত গ্ৰেপ্তাৰ

News18 Assam | News18-Assam
Updated:June 22, 2020, 6:01 PM IST
৩৬ ঘণ্টাৰ ভিতৰত ডিব্ৰুগড়ৰ চাঞ্চ্যলকৰ কিশোৰী ধৰ্ষণৰ আটাইকেইটা অভিযুক্ত গ্ৰেপ্তাৰ
আৰক্ষীয়ে জনোৱা মতে ধৰ্ষিতা কিশোৰী গৰাকীৰ বয়স ১৫ বছৰ আৰু ৮মাহ। ১৯জুনৰ নিশা অকলশৰে গৈ থকা কিশোৰী গৰাকীক বিকাশ ৰায় আৰু বিকি ৰাইয়ে বলপূৰ্বক মটৰ চাইকেলত উঠাই লৈ গৈছিল জালান চাহ বাগিছালৈ।

আৰক্ষীয়ে জনোৱা মতে ধৰ্ষিতা কিশোৰী গৰাকীৰ বয়স ১৫ বছৰ আৰু ৮মাহ। ১৯জুনৰ নিশা অকলশৰে গৈ থকা কিশোৰী গৰাকীক বিকাশ ৰায় আৰু বিকি ৰাইয়ে বলপূৰ্বক মটৰ চাইকেলত উঠাই লৈ গৈছিল জালান চাহ বাগিছালৈ।

  • Share this:
ডিব্ৰুগড়ত সংঘটিত চাঞ্চল্যকৰ কিশোৰী বলাৎকাৰৰ ঘটনাত অভিযুক্ত চাৰিওজন আৰক্ষী জিম্মাত। যোৱা ১৯জুনৰ নিশা ডিব্ৰুগড়ৰ জালান চাহ বাগিছাত সংঘটিত হৈছিল এই বৰ্বৰ ঘটনা। সম্পৰ্কীয় বায়েকৰ ঘৰলৈ গৈ থকা অবস্থাত এগৰাকী কিশোৰীক প্ৰথমে অপহৰণ আৰু তাৰ পাছত ধৰ্ষণ কৰিছিল চাৰি যুৱকে। ভুক্তভোগী পৰিয়ালে ঘটনাৰ এদিনৰ পাছত অৰ্থাৎ ২০জুনৰ নিশা আৰক্ষীক গোচৰ(FIR) দিছিল এই জঘন্য ঘটনাৰ।

ইয়াৰ পাছতে আৰক্ষীয়ে প্ৰথমে ডিব্ৰুগড়ৰ চানমাৰি ঘাটৰ পৰা গ্ৰেপ্তাৰ কৰিছিল মূল অভিযুক্ত বিকাশ ৰায় আৰু বিকি ৰায়ক। পলাতক আন দুজন প্ৰবীন দাস ওৰফে ব্ৰেট-লী আৰু মনোজ থাপাক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইয়াৰে প্ৰবীন দাস ওৰফে ব্ৰেট-লীক ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰৰ নিজ গৃহৰ পৰাই গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে মনোজ থাপাই নিজে আৰক্ষী ওচৰত আত্মসমৰ্পণ কৰে আৰু তাৰ পাছত মনোজকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

FIRদিয়াৰ মাত্ৰ ৩৬ঘন্টাৰ ভিতৰতে এই ঘটনাৰ আটাইকেইজন অভিযুক্ত এতিয়া আৰক্ষীৰ জিম্মাত। এইয়া ডিব্ৰুগড় আৰক্ষীৰ বাবে এক বৃহৎ সফলতা।

আৰক্ষীয়ে জনোৱা মতে ধৰ্ষিতা কিশোৰী গৰাকীৰ বয়স ১৫ বছৰ আৰু ৮মাহ। ১৯জুনৰ নিশা অকলশৰে গৈ থকা কিশোৰী গৰাকীক বিকাশ ৰায় আৰু বিকি ৰাইয়ে বলপূৰ্বক মটৰ চাইকেলত উঠাই লৈ গৈছিল জালান চাহ বাগিছালৈ। সূত্ৰমতে, ধৰ্ষণ কাণ্ডত গ্ৰেপ্তাৰ হোৱা বিকাশ ৰায়ৰ ভাতৃ প্ৰকাশ ৰায় এটা হিন্দুত্ববাদী সংগঠনৰ বিষয় ববীয়া। এই বৰ্বৰ কাণ্ডৰ এতিয়া আটাইকেইজন দোষীৰ উচিত শাস্তি দাবী জনাইছে ৰাইজে।

First published: June 22, 2020, 4:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading