• Home
  • »
  • News
  • »
  • assam
  • »
  • জানক সদ্যপ্ৰয়াত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ শিক্ষা, কৰ্মজীৱন আদিৰ বিষয়ে

জানক সদ্যপ্ৰয়াত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ শিক্ষা, কৰ্মজীৱন আদিৰ বিষয়ে

জানক সদ্যপ্ৰয়াত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ শিক্ষা, কৰ্মজীৱনৰ বিষয়ে

জানক সদ্যপ্ৰয়াত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ শিক্ষা, কৰ্মজীৱনৰ বিষয়ে

বশিষ্ঠ দেৱ শৰ্মা ৰাষ্ট্ৰীয় পৰ্যায়তো পশ্চিমবংগ, দিল্লী , বিহাৰ, হিমাচল প্ৰদেশ, পঞ্জাৱ , মহাৰাষ্ট্ৰ , তামিলনাডু আদি ভাৰতৰ বিভিন্ন ৰাজ্য সত্ৰীয়া সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল।

  • Share this:
বৰপেটা সত্ৰৰ সদ্যপ্ৰয়াত বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ জন্ম হয় ১৯৩৮ চনৰ ১ এপ্ৰিলত। তেওঁৰ জন্ম হয় সুন্দৰীদিয়া সত্ৰত। বশিষ্ঠ দেৱ শৰ্মাৰ পিতৃ গিৰীশ চন্দ্ৰ শৰ্মা আৰু মাতৃ দময়ন্তী দেৱী।

বশিষ্ঠ দেৱ শৰ্মাৰ কৰ্মজীৱন বৰপেটাৰ পল্লাৰপাম প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰি আৰম্ভ হয় আৰু সুন্দৰীদিয়াৰ দক্ষিণহাটী প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে। শৈশৱৰ পৰাই সুন্দৰীদিয়া সত্ৰত সাংস্কৃতিক দিশত অংশগ্ৰহণ কৰে বশিষ্ঠ দেৱ শৰ্মাই।

১৯৬৫ চনত আকাশবাণী গুৱাহাটীয়ে তেওঁক সাংস্কৃতিক অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনায়। তেওঁ আকাশবাণী গুৱাহাটীত বীৰ নাম , নিবিৰ কীৰ্তন , ঘোষা , হলিগীত , নাওঁ খেলৰ গীত , বৰগীত , ভাওনা আদি পৰিবেশন কৰিছিল। আকাশবাণী গুৱাহাটীত সংগীতৰ ব্যাখ্যাৰে তেওঁ শ্ৰীবৎস চিন্তা, নল - দময়ন্তী, সতী বেউলা , পূজনী পাখি ইত্যাদি পৰিচালনা কৰিছিল আৰু তেওঁৰ মিঠা গভীৰ কণ্ঠেৰে ৰাজ্যৰ লক্ষ লক্ষ শ্ৰোতাৰ মন আকৰ্ষিত কৰিছিল ৷

বশিষ্ঠ দেৱ শৰ্মা ৰাষ্ট্ৰীয় পৰ্যায়তো পশ্চিমবংগ, দিল্লী , বিহাৰ, হিমাচল প্ৰদেশ, পঞ্জাৱ , মহাৰাষ্ট্ৰ , তামিলনাডু আদি ভাৰতৰ বিভিন্ন ৰাজ্য সত্ৰীয়া সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল। তেওঁ কেইবাটাও অডিঅ' কেছেটত পৰিচালক আৰু কণ্ঠশিল্পী হিচাপে কাম কৰিছিল। তাৰ ভিতৰত- সুন্দৰ , হৰি গুণ গাই নাচা, মোহন কলিয়া, দেৱ যদুপতি (থিয়নাম ), বনমালী ৰাম আদি উল্লেখযোগ্য ৷

বশিষ্ঠ দেৱ শৰ্মাই ১৯৯৩ চনত বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া হিচাপে নিৰ্বাচিত হয়। তেওঁ ১৪ বছৰ ধৰি বৰপেটা সত্ৰত ডেকা সত্ৰীয়া হিচাপে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰাৰ পিছত ২০০৭ চনত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া হিচাপে নিৰ্বাচিত হৈ মৃত্যুৰ সময়লৈকে সত্ৰত সেৱা অব্যাহত ৰাখিছিল।

উজনি, নামনি আৰু মধ্য অসমৰ বিভিন্ন স্থানত তেওঁ বৰপেটা সত্ৰৰ শাখা সত্ৰ স্থাপন কৰি পদ্ধতিগতভাৱে গুৰুজনাৰ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ লগতে গুৰু সেৱা আগবঢ়াই থৈ গৈছে। বশিষ্ঠ দেৱ শৰ্মাৰ সাহসী পদক্ষেপতে বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজ গঠন হৈছিল আৰু ইয়াৰ সৈতে বৰপেটা শাখা সত্ৰৰ প্ৰায় ৩০০ খন সত্ৰ একত্ৰিত আৰু সংগৱদ্ধভাৱে তেওঁৰ নেতৃত্বতে গুৰুদুজনাৰ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতি প্ৰচাৰ কৰিছিল। বশিষ্ঠ দেৱ শৰ্মাৰ নেতৃত্বতে বৰপেটা সত্ৰ আৰু বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ ধৰ্মীয় আৰু সাংস্কৃতিক আদৰ্শৰে শিষ্যসকলৰ সৈতে সেৱা আগবঢ়াই আহিছিল ৷

শৈশৱৰ পৰাই সৃষ্টিশীল অভিনয়েৰে তেওঁ লাখ লাখ মানুহৰ হৃদয় জয় কৰিছে। ড° ভূপেন হাজৰিকা পৰিচালিত 'এৰাবাটৰ সুৰ'ত তেওঁ 'ভোৰ-তাল নৃত্য' প্ৰদৰ্শন কৰিছিল। অসমৰ বিভিন্ন প্ৰান্তত তেওঁ বহু যাত্ৰা, নাটক, অংকীয়া ভাওনা মঞ্চস্থ কৰিছিল। তেওঁ বাংলাৰ পৰাও অসমীয়া ভাষালৈ বহুতো নাটক অনুবাদ কৰিছিল৷ তেওঁ অনুবাদ কৰা নাটৰ ভিতৰত মাটিৰ মানুহ, নহুষ উদ্ধাৰ, মহিষাসুৰ বধ, বেথাৰ পূজা আদি।

বশিষ্ঠ দেৱ শৰ্মাই বিহাৰৰ পাটনাৰ কলিঅ'দাস ৰংগ মঞ্চত বন্দী মাছৰ গদ্য নাটকত অভিনয় কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ৷ বশিষ্ঠ দেৱ শৰ্মাই কিশোৰী মোহন পাঠকৰ দ্বাৰা ৰচিত মথুৰাপুৰীৰ মথুৰাদাস নাটকত তেওঁ মথুৰা দাস বুঢ়া আতাৰ চৰিত্ৰত অভিনয় কৰি ভক্ত দৰ্শকৰ মন মুহিছিল ৷ তদুপৰি বশিষ্ঠ দেৱ শৰ্মা এগৰাকী জনপ্ৰিয় হোলী গীতৰ গায়ক হিচাপেও সমগ্ৰ অসমত প্ৰসিদ্ধ আছিল।

তেওঁ জনজাতীয়, চাহ বাগিছা আদিত বহু সত্ৰ নামঘৰ স্থাপন কৰি বৰপেটা সত্ৰৰ মূল ধাৰাটোৰ সৈতে সংযোগ কৰিছে। তেওঁ সমাজৰ অনুসূচিত জাতি - জনজাতি আৰু নিম্ন শ্ৰেণীৰ লোকসকলৰ মাজত ধৰ্মীয় দৰ্শনৰ ধৰ্ম প্ৰচাৰ কৰি আহিছে। তেওঁ ধৰ্মধ্বনি দি হিন্দু-সমাজৰ জনসাধাৰণক সত্ৰীয়া নাম - ধৰ্মৰ সৈতে সংযোগ কৰি থৈ গৈছে। তেওঁ প্ৰায় ২৫-৩০ হাজাৰ নিম্ন বা পিচপৰা শ্ৰেণীৰ লোকক ভাগৱত ধৰ্মৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল আৰু তেওঁলোকক প্ৰকৃত জীৱনশৈলী দেখুৱাইছিল। আনকি তেওঁ জনজাতীয় লোকসকলকো সত্ৰ নীতিৰে ধৰ্মধ্বনি দিছিল।

বশিষ্ঠ দেৱ শৰ্মাই যোৰহাট জিলাৰ তিতাবৰ, লখিমপুৰ জিলাৰ পাঠালি পাহাৰ, নাওবৈছা আদিত ঠেঙাল কছাৰীক ধৰ্মধ্বনি দিয়াৰ উপৰিও সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দিছিল। কোকৰাঝাৰ, গোসাঁইগাঁও আদিত হোৱা গোষ্ঠী সংঘৰ্ষৰ সময়ত ক্ষতিগ্ৰস্ত লোকসকলক খাদ্য, ঔষধ, কাপোৰ, খোৱাপানী, শিশুৰ খাদ্য আদি যোগান ধৰি তেওঁ নিজৰ সামাজিক দায়বদ্ধতাও প্ৰতিষ্ঠা কৰিছিল ৷

বশিষ্ঠ দেৱ শৰ্মাৰ ৰচনাসমূহৰ ভিতৰত, নাওখেলৰ গীত, মহোহো গীত, থানৰ বাতৰি সোধা ভবা ৰোগৰ ঔষধ কৃষ্ণ কথা, সত্ৰত শৰণৰ ব্যৱস্থা, ৰাস তথ্য, শকত ব্যঞ্জন, মানৱ জীৱন, চন্দন কথা, ধৰ্ম আদি অন্যতম। তেওঁৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থৰ ভিতৰত 'সত্ৰীয়া নীতি বিচাৰ', শংকৰদেৱ, সুন্দৰীদিয়া, থিয় নাম , এক মধুৰ সোঁৱৰণী আদি উল্লেখযোগ্য।

বশিষ্ঠ দেৱ শৰ্মাই ৰাজ্য চৰকাৰৰ শংকৰদেৱ বঁটা, সুন্দৰীদিয়া সত্ৰৰ 'মাধৱদেৱ বঁটাৰ লগতে ২০১১ চনত 'সাংস্কৃতিক মহাসভা অসম'ৰ পৰা " জীৱন যোৰা সাংস্কৃতিক সাধনা বটা লাভ কৰে। তেওঁ ২০১১ চনত শ্ৰী শ্ৰী দৈত্তাৰী ঠাকুৰ দেৱ বঁটা, গুৱাহাটীৰ অসম জাতীয় বিদ্যালয়ৰ বৰপেটা ফেল 'শ্বিপ, 'শ্ৰী শ্ৰী মথুৰাদাস বুঢ়া আতা বঁটা, কমলাবাৰী সত্ৰ, অসমৰ পৰা " শ্ৰী শ্ৰী বদলা পদ্ম আতা বঁটা", ২০১৪ চনত যোৰহাটৰ 'শংকৰ মাধৱ সঞ্চাৰণ বঁটা, হাউলী বঁটা, ২০১৭ চনত কৃষ্ণনন্দ বঁটা নিৰ্ণায়ক সমিতিৰ পৰা 'কৃষ্ণনন্দ বঁটা ", ২০১৮ চনত অখিল ভাৰত হিন্দু মহাসভা, অসম সমিতিৰ পৰা " লুইতপৰীয়া জীৱন যোৰা সাধনা বঁটা আদি বহু উল্লেখযোগ্য বঁটা সন্মান লাভ কৰে।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি