মুখ্যমন্ত্ৰীৰ আহ্বানৰ পিছতে বিজেপিৰ কেইবাগৰাকীও নেতা–বিধায়কে ত্যাগ কৰিছে PSO। কিন্তু এআইইউডিএফৰ এগৰাকী বিধায়কক লাগে অতিৰিক্ত PSO। আলগাপুৰ সমষ্টিৰ বিধায়ক নিজামউদ্দিন চৌধুৰীক লাগে অতিৰিক্ত দুগৰাকী PSO।
অসমৰ নেতা আৰু জনপ্ৰতিনিধিৰ জীৱনত নাই বিশেষ কোনো ভাবুকি! ফলত প্ৰয়োজন নাই ব্যক্তিগত দেহৰক্ষী বা PSOৰ। সেই কাৰণে দেহৰক্ষী ত্যাগ কৰিবলৈ আহ্বান জনাইছে মুখ্য মন্ত্ৰী ড০ হেমন্ত বিশ্ব শৰ্মাই। লগতে PSO কংগ্ৰেছী সংস্কৃতি বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ এই আহ্বানত ইতিমধ্যেই PSO ত্যাগ কৰিছে বিজেপিৰ কেইবাগৰাকীও নেতা–বিধায়কে।
ইয়াৰ বিপৰীতে কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ এই আহ্বানক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। কিন্তু এই PSO বিতৰ্ক সন্দৰ্ভত আলগাপুৰৰ এআইইউডিএফ বিধায়ক নিজামউদ্দিন চৌধুৰীয়ে কৰিছে আন এক বিপৰীত মন্তব্য। PSO ত্যাগ ন'হয়, বৰং অতিৰিক্ত আন দুগৰাকী PSO লাগেহে নিজামউদ্দিনক।
কিয় অতিৰিক্ত পিএছঅ’ লাগে তাৰ কাৰণো জনালে নিজামউদ্দিন চৌধুৰীয়ে। তেওঁ কয়, নিজ সমষ্টিৰ পৰা দিছপুৰলৈ যাবলগা হ’লে আন এখন ৰাজ্য মেঘালয় পাৰ হৈ যাব লগা হয়। সেইকাৰণে আন দুজন অতিৰিক্ত নিৰাপত্তাৰক্ষী প্ৰদান কৰা উচিত।
কিন্তু যদি মুখ্যমন্ত্ৰীয়ে নিজৰ দেহৰক্ষীৰ দায়িত্বত থকা জেড প্লাছ ছিকিউৰিটী ত্যাগ কৰে তেন্তে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতি সঁহাৰি জনাই তেওঁ নিজৰ পিএছঅ’ ত্যাগ কৰিব বুলি জনায় বিধায়ক চৌধুৰীয়ে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : December 30, 2021, 10:08 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।