உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Fight Against Dalal Raj : মাটিৰ দালালিত জড়িত বিধায়ক! আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ বিৰুদ্ধে অভিযোগ, তদন্তৰ দাবী অগপ জিলা সভাপতিৰ

    Fight Against Dalal Raj : মাটিৰ দালালিত জড়িত বিধায়ক! আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ বিৰুদ্ধে অভিযোগ, তদন্তৰ দাবী অগপ জিলা সভাপতিৰ

    Nijam Uddin Choudury (Middle), MLA, Algapur

    Nijam Uddin Choudury (Middle), MLA, Algapur

    আৰক্ষীয়ে আটক কৰা দুই মাটিৰ দালালক দাদাগিৰি দেখুৱাই থানাৰ পৰা উলিয়াই নিছিল আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে। বিধায়ক নিজাম উদ্দিন চৌধুৰী নিজে মাটিৰ দালালিত জড়িত থকাৰ অভিযোগ অগপৰ।

    • Share this:
    থানাত আৰক্ষীক হেঁচা দি আৰক্ষীৰ জিম্মাৰ পৰা দুই মাটিৰ দালাল (Dalal)ক মোকলাই নি মালা পিন্ধাই শোভাযাত্ৰা কৰা আলগাপুৰৰ AIUDFৰ বিধায়ক নিজামুদ্দিন চৌধুৰী (Nijam Uddin Choudhury)ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছএ অসম গণ পৰিষদ (AGP, Hailakandi) দল। অগপৰ অভিযোগ, 'মাটিৰ দালালিত জড়িত স্বয়ং আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰী। নিজাম উদ্দিন চৌধুৰীৰ নেতৃত্বতে আলগাপুৰ সমষ্টিত চলিছে দালালিৰ কাম। তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত কৰিব লাগে।' এই দাবী উত্থাপন কৰিলে অসম গণ পৰিষদৰ হাইলাকান্দি জিলা সভাপতি আফতাব উদ্দিন লস্কৰে ।

    আজি হাইলাকান্দিত সংবাদমাধ্যমৰ আগতে এই অভিযোগ উত্থাপন কৰি আফতাব উদ্দিন লস্কৰে কয়, "বিধায়ক নিজাম উদ্দিনে বাহুবল দেখুৱাই জবৰদস্তি দখল কৰিছে সমষ্টিৰ বহু ভূমি । নিজৰ ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰি পাঁচগ্ৰামত থকা কাছাৰ কাগজ কলৰ বহু মাটি বিক্ৰী কৰিছে বিধায়ক নিজাম উদ্দিনে। ইয়াৰ উপৰি স্থানীয় ধলেশ্বৰ তিনিআলিত বৃহৎ পৰিমাণৰ চৰকাৰি ভূমি দখল কৰি ৰাখিছে নিজাম উদ্দিনে । ইমানে নহয় আলগাপুৰ সমষ্টিত হোৱা সকলো ভূমি বিবাদৰ আঁৰত আছে বিধায়ক চৌধুৰী বা তেওঁৰ ঘনিষ্ঠ সকলৰ নাম।"

    এই বিস্ফোৰক অভিযোগ কৰি বিধায়ক নিজাম উদ্দিনক শীঘ্ৰে তদন্তৰ আওতালৈ অনাৰ দাবী জনায় হাইলাকান্দি অগপৰ সভাপতি লস্কৰে। লগতে দুই মাটিৰ দালালক মুক্ত কৰাৰ বাবে আৰক্ষীক হেঁচা প্ৰদান আৰু আৰক্ষীৰ ক‍ামত বাধা দিয়াৰ বাবে নিজ‍াম উদ্দিন চৌধুৰীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনায় আৰক্ষীক।
    Published by:Manjumoni Borah
    First published: