"উগ্ৰ জাতীয়তাবাদে যে কেৱল মানৱ সভ্যতাৰ প্ৰতিয়ে ভাবুকি কঢ়িয়াই আনিছে তেনে নহয়, ই মানুহৰ অস্তিত্বৰ প্ৰতিয়ে ভাবুকি কঢ়িয়াই আনিছে । যুদ্ধৰ সৈতে ব্যৱসায় আৰু ৰাজনীতিৰ সম্পৰ্ক আছে । ব্যৱসায়িক আৰু ৰাজনৈতিক স্বাৰ্থত যুদ্ধক জীয়াই ৰখা হৈছে । আইনষ্টাইনৰ মতে শাসকসকলে যেতিয়ালৈকে অস্ত্ৰ ব্যৱসায়ীসকলক বাদ দি আৰু ব্যৱসায়িক স্বাৰ্থ পৰিহাৰ কৰি জনসাধাৰণক বিশ্বাসত লৈ আগ নাবাঢ়ে, তেতিয়ালৈকে বিশ্বত শান্তি প্ৰতিষ্ঠা সম্ভৱপৰ নহ'ব ।" – প্ৰেৰণা পুথিভঁৰালৰ (Prerana Puthibharal) সৰুক্ষেত্ৰী শাখাৰ উদ্যোগত বৰপেটা জিলাৰ বেঙাপাৰাস্থিত মৃত্যুঞ্জয় একাডেমীত যোৱা অলপতে অনুষ্ঠিত আইনষ্টাইনৰ জন্মদিৱস (Albert Einstein) উদ্যাপনৰ আলোচনা সভাত এই বক্তব্য বৰভাগ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক তথা প্ৰেৰণা পুথিভঁৰালৰ কৰ্ণধাৰ সমিতিৰ সদস্য ড⁰ ধনেশ্বৰ বৈশ্যৰ।

মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ নিতু বৰগোহাঞিয়ে 'বিগ বেঙৰ পৰা সৌৰজগতলৈ– বিশ্বব্ৰহ্মাণ্ডত আমাৰ স্থান আৰু ভৱিষ্যত’ শীৰ্ষক বক্তৃতা প্ৰদান কৰি বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি, স্থিতি আৰু ইয়াৰ বিকাশ সম্পৰ্কে বিশদভাবে ব্যাখ্যা কৰে । আমাৰ সৌৰজগত, হাতীপটি তাৰকাৰাজ্য, কৃষ্ণগহ্বৰ আদিৰ বিষয়ে বুজাই কোৱাৰ লগতে তেওঁ উপস্থিত সকলোকে মুক্তাংগণলৈ নি আকাশত খালী চকুৰে দৃশ্যমান গ্ৰহ-নক্ষত্ৰ সমূহ প্ৰত্যক্ষ কৰোৱায় আৰু ইয়াৰ গতি-প্ৰকৃতি সম্পৰ্কে বিৱৰি কয় ।
সভাত আদৰণী ভাষণ দিয়ে প্ৰেৰণা পুথিভঁৰালৰ মুখ্য পৰিচালক নিপন কুমাৰ ডেকাই । ইয়াৰ পাছতে সভাৰ বিষয়বস্তু উত্থাপন কৰি প্ৰেৰণা পুথিভঁৰালৰ জ্যেষ্ঠ পৰিচালক কমলনয়ন মিশ্ৰই কয় যে সাম্প্ৰতিক কালত আমি প্ৰত্যক্ষ কৰা সমগ্ৰ বিশ্বজোৰা যি বিদ্বেষ বা বিভাজনৰ সৃষ্টি হৈছে তাক পৰাজিত কৰিবলৈকে আমাক আইনষ্টাইনৰ চিন্তা তথা দৰ্শনৰ প্ৰয়োজন । অন্ধবিশ্বাস, কুসংস্কাৰ আদি আঁতৰাই বিজ্ঞান মনস্কতা গঢ় দিবলৈ, বিভেদৰ বিষবাষ্প নোহোৱা কৰি এক প্ৰগতিশীল সমাজ গঠন কৰিবলৈ মানৱ জাতিয়ে বিজ্ঞানৰ ওচৰ চপাৰ গত্যন্তৰ নাই (Albert Einstein birthday celebration) ।

উল্লেখ্য যে প্ৰেৰণা পুথিভঁৰালৰ প্ৰতিষ্ঠাপক তথা মুখ্য পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই সঞ্চালনা কৰা এই সভাত আৰম্ভণী গীত পৰিৱেশন কৰে মৃত্যঞ্জয় একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে, প্ৰেৰণা পুথিভঁৰালৰ সৰুক্ষেত্ৰী শাখাৰ প্ৰাচীৰ পত্ৰিকা 'প্ৰত্যুষ' উন্মোচন কৰে হৰমোহন বৰ্মন, মধুসূদন বৰ্মন আৰু বিনয় ডেকাই, প্ৰেৰণা পুথিভঁৰালৰ প্ৰাচীৰ পত্ৰিকা 'অন্বেষণ' উন্মোচন কৰে ড০ নিতু বৰগোহাঞিয়ে, গীত পৰিৱেশন কৰে প্ৰকৃতি প্ৰিয়ম ডেকা, ডিম্বেশ্বৰ নাথ, অটল ডেকা আৰু সৃষ্টি ভৰষা ডেকাই, ফাকুগুৰিৰে ঠাইতে অঁকা আইনষ্টাইনৰ ফটো এখন প্ৰদৰ্শন কৰে বিশাল ডেকাই । সভাৰ মাজতে উপস্থিত ৰাইজে সম্প্ৰতি চলি ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ তীব্ৰ বিৰোধিতা কৰি 'যুদ্ধ নহয়, শান্তি লাগে', ৰাছিয়া মূৰ্দাবাদ, 'আমেৰিকা মূৰ্দাবাদ', 'নাটো গোষ্ঠী মুৰ্দাবাদ' আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

অনুষ্ঠানত প্ৰেৰণা পুথিভঁৰালৰ জ্যেষ্ঠ পৰিচালক তিলক শৰ্মা, ভূপেন কুমাৰ দাস, সুশীল মালাকৰ, অৰুণ কুমাৰ গোস্বামী, বীৰেন বৰ্মন তথা প্ৰেৰণা পুথিভঁৰালৰ নতুন দেহৰ শাখা আৰু ধমধমা- গড়ভিতৰ শাখাৰ মুখ্য পৰিচালকদ্বয় ক্ৰমে বনজিত ডেকা আৰু নূৰ ইছলাম আলী, প্ৰেৰণা পুথিভঁৰাল আৰু ইয়াৰ তিনিওটা শাখাৰ অৰ্ধশতাধিক পৰিচালক আদিকে ধৰি প্ৰায় দুই শতাধিক বিজ্ঞানপ্ৰেমী ৰাইজে অংশগ্ৰহণ কৰে । প্ৰণিধানযোগ্য যে সুশীল মালাকৰে বাঁহৰ দৈ তুলি বনোৱা ভাৰতবৰ্ষৰ এখন মেপ সৰুক্ষেত্ৰী শাখাৰ মুখ্য পৰিচালক নিপন কুমাৰ ডেকাৰ হাতত তুলি দিয়ে । অনুষ্ঠানৰ শেষত 'মহাকাশৰ দাঁতিলৈ যাত্ৰা' শীৰ্ষক তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয় ।
Published by: Gautam Barman
FIRST PUBLISHED : March 17, 2022, 23:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|