নগাঁৱত অতি উদ্বেগজনকভাৱে মাৰাত্মক এইচ আই ভিত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। বিগত সাত মাহ অৰ্থাৎ চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা জুলাই মাহলৈকে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰীক্ষাগাৰত তেজৰ নমুনা পৰীক্ষা কৰাৰ পিছত ৮৪ জন লোকৰ দেহত এই মাৰাত্মক এইচ আই ভি ধৰা পৰিছে।
এই কথা সদৰী কৰিছে ধনী বড়ো নামৰ সংশ্লিষ্ট বিভাগৰ চিকিৎসা বিষয়াগৰাকীয়ে। তেওঁ আজি সংবাদ মাধ্যমক জনোৱা মতে, এইচ আই ভি ধৰা পৰা ৮৪গৰাকী লোকৰ ভিতৰত পুৰুষৰ সংখ্যা ৭৪ আৰু মহিলাৰ সংখ্যা ১০গৰাকী। আনহাতে, আক্ৰান্তসকলৰ ভিতৰত ৪০ জন যুৱক ড্ৰাগছৰ বেজী লৈ এইচ আই ভিত আক্ৰান্ত হৈছে বুলিও চিকিৎসা বিষয়াগৰাকীয়ে জানিবলৈ দিছে।
ইপিনে, নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰতো ৮ জন কয়দীৰ ৰক্তপৰীক্ষাত তেওঁলোক এইচ আই ভিত আক্ৰান্ত হোৱাৰ তথ্যও পোহৰলৈ আহিছে। কিছুদিন পূৰ্বে চিকিৎসা বিভাগে কেইটামান স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত তেজ পৰীক্ষা কৰোঁতেই এই ভয়াৱহ তথ্য ধৰা পৰিছে। উল্লেখ্য যে এই আক্ৰান্তসকলৰ বয়স ২২ৰ পৰা ৩০ ৰ ভিতৰত বুলি জানিব পৰা গৈছে।
এই বেমাৰত আক্ৰান্তসকলৰ পৰা যাতে আনলৈ এইচ আই ভি সংক্ৰমণ হ'ব নোৱাৰে তাৰ বাবে এইডছ নিয়ন্ত্ৰণ বিভাগে প্ৰয়োজনীয় চিকিৎসা আৰু কাউঞ্চিলিং কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মন কৰিবলগীয়া বিষয় এই যে জিলাখনৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে শেহতীয়াকৈ বহু ড্ৰাগছ আসক্ত লোকক কৰায়ত্ত কৰি জেল–হাজোতলৈ প্ৰেৰণ কৰিছে।
যিহেতু ড্ৰাগছ আসক্তৰ দেহত এইচ আই ভি পজিটিভৰ সংখ্যা বেছি, সেয়ে ইতিমধ্যে আৰক্ষীয়ে আটক কৰা বহু ড্ৰাগছ আসক্তৰ দেহত এই ভাইৰাছ থকাৰো আশংকা কৰা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|