অসমৰ বাবে আন এটা ভাল খবৰ। জুৰিয়াৰ নাজনিন য়াছমিনৰ পিছত এইবাৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ বিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰিলে তিতাবৰৰ (Titabor) অলকেশ কলিতাই (Alakesh Kalita)। শৈশৱৰে পৰা বিজ্ঞানী হোৱাৰ সপোন বাস্তৱত পৰিণত হ’ল অলকেশৰ। অলকেশৰ এই সফলতাত এতিয়া উৎফুল্লিত তিতাবৰবাসী।
তিতাবৰ তিনিআলিৰ মাজগাঁৱৰ মণিকাঞ্চন পথৰ বাসিন্দা অলকেশ। মিহিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পৰাগ কলিতা আৰু তিতাবৰ ঢলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী বৰ্ণালী কলিতাৰ জ্যেষ্ঠ পুত্ৰ অলকেশ কলিতাই ১৫ জানুৱাৰীত ইছৰোত বিজ্ঞানী হিচাপে যোগদান কৰিব।
২০১৪ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯১ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছিল অলকেশ। তাৰ পিছত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত ৯৪ শতাংশ নম্বৰসহ উত্তীৰ্ণ হৈছিল। ইয়াৰ পিছত তেওঁ আইআইটি জেইই পৰীক্ষাত উত্তীৰ্ণ হৈ আই আই টি অধ্যয়ন নকৰি কেৰালাৰ ইছৰো মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল। ইছৰো মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞান ৫ বছৰ অধ্যয়ন কৰি তৃতীয় ৰেংকত উত্তীৰ্ণ হয় অলকেশ। তাৰ পিছতে ইছৰোত বিজ্ঞানী হিচাপে নিযুক্তি দিয়ে অলকেশক।
পুত্ৰৰ এই সফলতাত এতিয়া গৌৰৱান্বিত পিতৃ–মাতৃ। ৮ জানুৱাৰীত নিজৰ ঘৰখনৰ পৰা কৰ্ম জীৱনলৈ যাত্ৰা কৰিব অলকেশে। এই কৃতিত্বৰ পিছতে অলকেশক আছুকে ধৰি বিভিন্ন দল–সংগঠনে শুভেচ্ছা জনায়।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assamese