মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Alaboi Battle: শত্ৰুক ভেটিবলৈ এইখন অসমত একেদিনাই ১০ হাজাৰ সৈনিকে প্ৰাণ দিছিল, কেতিয়া?

Alaboi Battle: শত্ৰুক ভেটিবলৈ এইখন অসমত একেদিনাই ১০ হাজাৰ সৈনিকে প্ৰাণ দিছিল, কেতিয়া?

News18 Assam | News18-Assam
Updated:August 5, 2021, 8:37 PM IST
Alaboi Battle: শত্ৰুক ভেটিবলৈ এইখন অসমত একেদিনাই ১০ হাজাৰ সৈনিকে প্ৰাণ দিছিল, কেতিয়া?
CREATOR: gd-jpeg v1.0 (using IJG JPEG v62), quality = 85

১৬৬৯ চনৰ ৫ আগষ্টত সংঘটিত এই যুদ্ধৰ কৰুণ স্মৃতিয়ে আহোম সৈন্যৰ প্ৰতিশোধৰ দাবানলক শক্তিশালী ৰূপত গঢ় দিছিল।

  • Share this:

৩৫২ বছৰীয়া ইতিহাস সুঁৱৰি কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত বৃহস্পতিবাৰে আলাবৈ ৰণৰ স্মৃতি দিৱস ৰাজ্যিক ভিত্তিত আয়োজন কৰে ৷ দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা এই স্মৃতি দিৱসত নৱ গঠিত খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ অধীনৰ অসম প্ৰত্নতত্ত্ব সঞ্চলকালয়ৰ উদ্যোগত তথা কামৰূপ জিলা প্ৰশাসন আৰু শৰাইঘাট জাৰ্নেলিষ্ট ফ’ৰামৰ সহযোগত আয়োজিত এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা, ক্ৰীড়া আৰু যুৱকল্যাণ, শক্তি আদি বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত থাকে ৷


আলাবৈ ৰণৰ স্মৃতি দিৱসত অংশগ্ৰহণ কৰি মন্ত্ৰী বিমল বৰাই ক'লে- “জাতীয় জীৱনৰ স্বাভিমানৰ পৰিচায়ক আলাবৈ ৰণৰ ঐতিহ্য-শৌৰ্য–বীৰ্যক আধাৰ হিচাপে লৈ নতুন প্ৰজন্মক আগুৱাই আনিব লাগিব৷ ১৬৬৯ চনৰ ৫ আগষ্টত সংঘটিত এই যুদ্ধৰ কৰুণ স্মৃতিয়ে আহোম সৈন্যৰ প্ৰতিশোধৰ দাবানলক শক্তিশালী ৰূপত গঢ় দিছিল আৰু শৰাইঘাটৰ ৰণত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম কৰাইছিল ৷”


মন্ত্ৰী বৰাই লগতে কয়- “দৰঙী, দাঁতিয়াল, গাৰো, তিৱা, নগা, দেউৰী, মিচিং আদি ফৈদৰ সৈন্যৰে গঠিত আলাবৈ ৰণৰ আহোম সেনানী স্বৰ্গদেউ চুকাফাৰ একত্ৰীকৰণ প্ৰচেষ্টাৰ প্ৰতীক ৷ আজিৰ প্ৰশাসন ব্যৱস্থাক আগুৱাই নিয়াত এই দিশসমূহক আধাৰ কৰি ল’ব পাৰি ৷ আলাবৈ ৰণৰ অভিজ্ঞতাৰে বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হোৱা শৰাইঘাটৰ যুদ্ধ কেৱল স্থানীয় যুদ্ধ নাছিল; বৰং এই যুদ্ধই মোগলৰ সম্প্ৰসাৰণবাদী চিন্তাক স্তব্ধ কৰিছিল ৷”



স্মৃতি দিৱসত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে উদ্যোগ আৰু বাণিজ্য আদি বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ স্মৃতি দিৱসত অংশগ্ৰহণ কৰি মন্ত্ৰী পাটোৱাৰীয়ে ক'লে- “আলাবৈ ৰণ, পথৰুঘাট, ঢেকিয়াজুলী, বিনিময় প্ৰথাৰে গোলকীয়কৰণৰ আদৰ্শ তাহানিতে প্ৰতিষ্ঠা কৰা জোনবিল মেলা আদি অসম বুৰঞ্জীৰ বহু সোণসেৰীয়া ইতিহাসে এতিয়াও প্ৰাপ্য খ্যাতি অৰ্জন কৰা নাই ৷ অসমৰ দৰে সৰু দেশ এখনত শত্ৰুক ভেটা দিয়াৰ স্বাৰ্থত একেদিনাই ১০ হাজাৰ সৈন্য ৰণত পৰাটো পৃথিৱীতে বিৰল ঘটনা ৷ আলাবৈ ৰণৰ গৱেষণাই নতুন দিশ উন্মোচিত কৰিব ৷”


অনুষ্ঠানত বিশেষ বক্তা ৰূপে উপস্থিত থাকি আমন্ত্ৰিত অতিথিৰ আসনৰ পৰা বিশিষ্ট শিক্ষাবিদ ড॰ দয়ানন্দ পাঠকে ইতিহাস চেতনা সমাজৰ উত্তৰণৰ এক নম্বৰ উপাদান বুলি উল্লেখ কৰি কয় যে আলাবৈ ৰণৰ দৰে ইতিহাসৰ এই অনবদ্য সমলসমূহ সম্পৰ্কত গৱেষণা কৰিবৰ বাবে বিভাগীয়ভাৱে অনুপ্ৰেৰণা যোগোৱাৰ পদক্ষেপ ল’ব লাগে ৷ তেওঁ আলাবৈ ৰণৰ সবিশেষ তথ্য সম্পৰ্কত বিতংভাৱে অৱলোকন কৰে আৰু এই ৰণৰ স্মৃতি ৰক্ষাৰ গুৰুত্বৰ ওপৰতো ব্যাখ্যা আগবঢ়ায় ৷


লগতে ড° পাঠকে কয় যে আলাবৈ ৰণে শৰাইঘাটৰ ৰণৰ পাতনি মেলিছিল । শৰাইঘাটৰ যুদ্ধৰ বিজয়ে মোগলৰ তলতীয়া অন্য ৰাজ্যসমূহকো স্বাধীন হ’বলৈ অনুপ্ৰেৰণা যোগাইছিল আৰু এনেদৰে মোগল সাম্ৰাজ্যৰ মেৰুদণ্ডত জোকাৰণি তুলিবলৈ সক্ষম হৈছিল ৷ তেওঁ আলাবৈ ৰণথলিৰ খননে এই যুদ্ধত ব্যৱহৃত অস্ত্ৰ আদিৰো সন্ধান দিব বুলি কয় ৷ লগতে আলাবৈৰ ৰণৰ স্মৃতি ৰক্ষাৰ্থে আৱণ্টিত ভূমিত আৰক্ষী প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপনৰ চিন্তা কৰিব পাৰি বুলি উল্লেখ কৰি এই ত্যাগ আৰু বীৰত্বৰ স্মৃতি সম্পৰ্কে উঠি অহা প্ৰজন্মক অৱগত কৰিবলৈ পাঠ্যক্ৰমত ইয়াৰ পাঠ অন্তৰ্ভুক্ত কৰাৰ বাবেও দৃষ্টি আকৰ্ষণ কৰে ৷


আলাবৈ ৰণৰ স্মৃতি দিৱস আয়োজনৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰা অসম আৰক্ষীৰ উপ–মহাপৰিদৰ্শক পাৰ্থসাৰথি মহন্তই সভাত আলাবৈ ৰণ আহোম সেনাৰ ত্যাগৰ পৰিচায়ক বুলি উল্লেখ কৰে ৷

Published by: Gautam Barman
First published: August 5, 2021, 8:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি