মাদ্ৰাছা কৰ্তৃপক্ষই মহম্মদ সুমনৰ বিষয়ে একো কথাই নাজানে বুলি অৱগত কৰিছে সাংবাদিকক ৷
মাদ্ৰাছা কৰ্তৃপক্ষই মহম্মদ সুমনৰ বিষয়ে একো কথাই নাজানে বুলি অৱগত কৰিছে সাংবাদিকক ৷
বৰপেটাত অল কায়দাৰে জড়িত থকাৰ অভিযোগত ৫ জন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। বাংলাদেশৰ পৰা অহা জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত লোককেইজনক বৰপেটা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি গ্ৰেপ্তাৰ কৰে।
ইয়াৰে এজন বাংলাদেশী (Bangladeshi national) অল কায়দা (Al Qaeda) জেহাদীয়ে বিজনীত পাতিছিল বিয়া ৷ জেহাদী সুমনৰ আছে এটা সন্তানো৷ বাংলাদেশৰ নাৰায়ণগঞ্জ জিলাৰ আটাদিৰ মহম্মদ সুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুণ ৰছিদ নামৰ অল কায়দাৰ জেহাদীজনে বৰপেটাৰ এখন মাদ্ৰাছাত শিক্ষকতাৰ জৰিয়তে পেলাইছিল জেহাদৰ জাল ৷
বৰপেটাৰ (Barpeta) যশিহাটীপাৰা গাঁৱত অৱস্থিত শ্বাইখুল হিন্দ মাহমুদুল হাছান জামিউল হুদা ইছলামিক একাডেমী নামৰ মাদ্ৰাছাখনত দীৰ্ঘদিন শিক্ষকতা কৰিছিল যদিও শেষত অল কায়দাৰ পৰিচয় ওলালত মাদ্ৰাছা কৰ্তৃপক্ষই মহম্মদ সুমনৰ বিষয়ে একো কথাই নাজানে বুলি অৱগত কৰিছে সাংবাদিকক ৷
ইপিনে উক্ত জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ অভিযোগতে মাদ্ৰাছাখনৰ সমীপৰে ঢাকালিয়াপাৰা গাঁৱৰ টাইমুৰ ৰহমান খান নামৰ জেহাদীজনকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷
টাইমুৰ ৰহমান খান নামৰ জেহাদীজন দৰ্জি কাম কৰি পৰিয়াল পোহপাল দি অহা বুলি জানিবলৈ দিছে গাঁওবাসীয়ে ৷
বৰপেটা আদালতত ধৃত জেহাদীক হাজিৰ কৰোৱাৰ পিছত ৭ দিনৰ আৰক্ষী জিম্মাত ধৃত ৫ জেহাদী ৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|