• Home
  • »
  • News
  • »
  • assam
  • »
  • ২০১৮ চনতে হোজাইত কূটাঘাতৰ পৰিকল্পনা ৰচিছিল হিজবুল-ই-মুজাহিদিনীয়ে, লামডিং ৰে’ল ষ্টেচন আৰু হোজাইৰ গীতাশ্ৰমত কৰিছিল বোমা বিস্ফোৰণৰ পৰিকল্পনা

২০১৮ চনতে হোজাইত কূটাঘাতৰ পৰিকল্পনা ৰচিছিল হিজবুল-ই-মুজাহিদিনীয়ে, লামডিং ৰে’ল ষ্টেচন আৰু হোজাইৰ গীতাশ্ৰমত কৰিছিল বোমা বিস্ফোৰণৰ পৰিকল্পনা

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ জেৰাত হিজবুলৰ সন্ত্ৰাসবাদী কামৰুজে দিছিল বিস্ফোৰক স্বীকাৰোক্তি।

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ জেৰাত হিজবুলৰ সন্ত্ৰাসবাদী কামৰুজে দিছিল বিস্ফোৰক স্বীকাৰোক্তি।

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ জেৰাত হিজবুলৰ সন্ত্ৰাসবাদী কামৰুজে দিছিল বিস্ফোৰক স্বীকাৰোক্তি।

  • Share this:
সম্প্ৰতি পাকিস্তানী চোৰাংচোৱা সংস্থা আৰু পাকিস্তানৰ মদতপুষ্ট জেহাদীয়ে অসমত কূটাঘাত কৰাৰ আশংকাৰে সমগ্ৰ অসমতে ৰেড এলাৰ্ট জাৰি কৰিছে অসম আৰক্ষীয়ে। অসম আৰক্ষীৰ আইন–শৃংখলাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধানে ইতিমধ্যে মহানগৰ আৰক্ষী আয়ুক্তলৈ আইএছআই আৰু জেহাদী সংগঠন আল কায়দাই অসম আৰু কাশ্মীৰত কূটাঘাত সংঘটিত কৰাৰ আশংকাৰে সষ্টম হৈ থকাৰো নিৰ্দেশ দিছে। ইছলামক জেহাদী সংগঠনে অসমৰ জনসমাগম হোৱা অঞ্চল, ৰে’লৱে ষ্টেচন আদিৰ লগতে বিভিন্ন ৰাজহুৱা স্থানত কূটাঘাত কৰাৰ আশংকাৰে অসম আৰক্ষীক সষ্টম হৈ থকাৰ নিৰ্দেশ দিয়া হৈছে। কিন্তু ইয়াৰ পূৰ্বেও এইখন অসমতে ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা কৰিছিল জেহাদী সংগঠন হিজবুল-ই-মুজাহিদীনে।

অসমৰ হোজাই জিলাৰ যমুনামুখৰ পৰা গৈ কাশ্মীৰত হিজবুলৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী হৈ পৰা কামৰুজ জামানে হোজাইত জেহাদীৰ শ্লিপাৰ চেলৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছিল। কামৰুজ জামানে হোজাইৰ ৫জন সদস্যক শ্লিপাৰ চেলত নিয়োগ কৰিছিল। এই শ্লিপাৰ চেলৰ সহযোগতে কামৰুজে হোজাই জিলাৰ লামডিং ৰে’লৱে ষ্টেচন আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ হোজাইস্থিত কাৰ্যালয় গীতাশ্ৰম বোমাৰে উৰুৱাই দিয়াৰ পৰিকল্পনা কৰিছিল।

কামৰুজৰ সৈতে হোজাইলৈ আহিছিল হিজবুল-ই-মুজাহিদীনৰ এগৰাকী শীৰ্ষ নেতা যাক তেওঁলোকে "আমিৰ" বুলি সম্বোধন কৰিছিল। এইগৰাকী আমিৰে কামৰুজক লগত লৈ উজনি অসমৰো বিভিন্ন প্ৰান্তলৈ যাত্ৰা কৰিছিল। অৱশ্যে ২০১৮ চনৰ শেষৰ ফালে কাণপুৰত বোমা বিস্ফোৰণ কৰাৰ পৰিকল্পনাৰে আত্মগোপন কৰি থাকোতেই ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ জালত পৰিছিল কামৰুজ জামান আৰু ইয়াৰ পিছতেই কামৰুজৰ শ্লিপাৰ চেলৰ ৫ সদস্যকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। কিন্তু কামৰুজৰ লগত অহা আমিৰে অসমৰ কোন কোন ঠাইত জেহাদৰ জাল বিয়পাইছিল সেই বিষয়ে আৰক্ষীয়ে কোনোধৰণৰ তথ্য ৰাজহুৱা কৰা নাছিল।

এতিয়া পুনৰ অসমত জেহাদীয়ে কূটাঘাত কৰাৰ পৰিকল্পনা ফাদিল হোৱাৰ পিছত জেহাদীৰ শ্লিপাৰ চেলৰ প্ৰসংগই পুনৰ চৰ্চা লাভ কৰিছে। কাৰণ বহুদিনৰে পৰা নগাঁও, হোজাই, গোৱালপাৰা, ধুবুৰী, বৰপেটা আৰু মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত জেহাদীৰ শ্লিপাৰ চেল থকাৰ সন্দেহ প্ৰকাশ কৰি আহিছে অসম আৰক্ষীৰ বিশেষ শাখাই।
Published by:Sanjay Kumar Das
First published: