বৰপেটা, হাউলী আৰু কলগাছিয়াৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সদস্য কেইজনক।
বৰপেটা, হাউলী আৰু কলগাছিয়াৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সদস্য কেইজনক।
বৰপেটাত অল কায়দাৰে জড়িত থকাৰ অভিযোগত ৫ জন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। বাংলাদেশৰ পৰা আহিছিল আটাইকেইজন লোক। বাংলাদেশত জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত আছিল লোককেইজন। বৰপেটা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি গ্ৰেপ্তাৰ কৰে আটইকেইটাকে। ছদ্মবেশ ধৰি আত্মগোপন কৰি আছিল ধৃত সদস্য কেইজনে।
বৰপেটা, হাউলী আৰু কলগাছিয়াৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সদস্য কেইজনক। ধৃত সদস্য কেইজনৰ নাম খাইৰুল ইছলাম, চুলেমান খান, নোছাদ আলী, টাইমূৰ ৰহমনা খান, মহম্মদ চুমন।
ইয়াৰে মহম্মদ চুমনে কোনো নথী পত্ৰ নোহোৱাকৈ অসমত প্ৰৱেশ কৰিছিল। উদ্দেশ্য আছিল অসমত জেহাদী কাৰ্যকলাপৰ জাল পেলোৱা। লগতে অসমৰ সাধাৰণ লোকক জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত কৰোৱা। আৰক্ষীয়ে শুকুৰবাৰে নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰে আটাইকেইজন সদস্যক। বৰ্তমান আটাইকেইজনকে জেৰা কৰি থকা হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|