মুখ্যপৃষ্ঠা »খবৰ »অসম »এইবাৰ বঙাইগাঁৱত অল কায়দাৰ নেটৱৰ্ক! আৰক্ষীৰ জালত পৰিল তিনি জেহাদী, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য

এইবাৰ বঙাইগাঁৱত অল কায়দাৰ নেটৱৰ্ক! আৰক্ষীৰ জালত পৰিল তিনি জেহাদী, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য

তিনিওজনে যোৱা জানুৱাৰী, ফেব্ৰুৱাৰী মাহত বঙাইগাঁও জিলাৰ অভয়াপুৰী , যোগীঘোপা আদি বিভিন্ন অঞ্চলত বাহৰ পাতি জেহাদী কাৰ্যকলাপ চলাই আছিল ৷

তিনিওজনে যোৱা জানুৱাৰী, ফেব্ৰুৱাৰী মাহত বঙাইগাঁও জিলাৰ অভয়াপুৰী , যোগীঘোপা আদি বিভিন্ন অঞ্চলত বাহৰ পাতি জেহাদী কাৰ্যকলাপ চলাই আছিল ৷

তিনিওজনে যোৱা জানুৱাৰী, ফেব্ৰুৱাৰী মাহত বঙাইগাঁও জিলাৰ অভয়াপুৰী , যোগীঘোপা আদি বিভিন্ন অঞ্চলত বাহৰ পাতি জেহাদী কাৰ্যকলাপ চলাই আছিল ৷

  • Share this:
ৰাজ্যৰ এতিয়া বিভিন্ন প্ৰান্তলৈ যেন বিয়পি পৰিছে জেহাদৰ শিপা! এইবাৰ বঙাইগাঁৱত ধৰা পৰিছে অল কায়দাৰ নেটৱৰ্ক। ত্ৰিপুৰাত গ্ৰেপ্তাৰ হোৱা তিনি আণচাৰুল বাংলা টিমৰ সদস্যৰ স্বীকাৰোক্তিত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য ৷ বঙাইগাঁও আৰক্ষীয়ে সম্প্ৰতি গ্ৰেপ্তাৰ হোৱা তিনিওজন ব্যক্তিকে জেৰা কৰিছে।

যোৱা ৮ এপ্ৰিলত ত্ৰিপুৰাৰ চিপাহীজলা জিলাৰ পৰা বঙাইগাওঁ আৰক্ষীয়ে আটক কৰিছিল এই তিনি জেহাদীক ৷ বঙাইগাঁও আৰক্ষীয়ে  ত্ৰিপুৰা আৰক্ষীৰ সহযোগত তিনিওকে কৰায়ত্ত কৰাৰ পিছত সম্প্ৰতি বঙাইগাঁও আৰক্ষীয়ে লৈছে নিজৰ জিম্মাত ৷

যোগীঘোপা থানাত ৰুজু ৫৬ / ২২ নং গোচৰৰ ভিত্তিত আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে ৷ বৰপেটাত ধৃত জেহাদীৰ স্বীকাৰোক্তিত লাভ কৰা তথ্যৰ ভিত্তিত তিনিওৰে সম্ভেদ লাভ কৰিছিল ৷ তিনিওজনে যোৱা জানুৱাৰী, ফেব্ৰুৱাৰী মাহত বঙাইগাঁও জিলাৰ অভয়াপুৰী , যোগীঘোপা আদি বিভিন্ন অঞ্চলত বাহৰ পাতি জেহাদী কাৰ্যকলাপ চলাই আছিল ৷

অল কায়দাৰে সম্পৰ্ক থকা এবিটি নামৰ সংগঠনটোৱে ইতিমধ্যে বঙাইগাঁও জিলাত শ্লীপাৰ চেল স্থাপন কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷ জেহাদী সংগঠনটোৱে কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰিবলৈ বিভিন্ন ব্লু-প্ৰিণ্ট সাজু কৰিছিল বুলি সন্দেহ কৰিছে জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ৷ ধৃত তিনিওকে আজি বঙাইগাঁও আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাত আৰক্ষীৰ জিন্মাত প্ৰদান কৰে ৷

শেহতীয়া বাতৰি