বড়ো শান্তি চুক্তিক অশান্তিৰ চুক্তি আখ্যা আক্ৰাছুৰ, সোণোৱাল চৰকাৰক সকীয়নি!

News18 Assam | News18-Assam
Updated:January 27, 2020, 7:26 PM IST
বড়ো শান্তি চুক্তিক অশান্তিৰ চুক্তি আখ্যা আক্ৰাছুৰ, সোণোৱাল চৰকাৰক সকীয়নি!
সোনোৱাল চৰকাৰক উৎখাতৰ হুংকাৰ ছয় জনগোষ্ঠীৰ।

সোনোৱাল চৰকাৰক উৎখাতৰ হুংকাৰ ছয় জনগোষ্ঠীৰ।

  • Share this:
বড়ো শান্তি চুক্তি BTR ক অশান্তি সৃষ্টিৰ চুক্তি আখ্যা আক্ৰাছুকে আদি কৰি বিটিএডিৰ মুঠ ছয়টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ। ধাৰাবাহিক বিস্ফোৰণেৰে নিৰীহ লোকৰ তেজেৰে ফাকু খেলা সকলৰে কিহৰ শান্তি আলোচনা বুলি প্ৰশ্ন কৰে জনগোষ্ঠীয় সংগঠন কেইটাই। বিটিএডিত বসবাস কৰা অন্যান্য জনগোষ্ঠীয় লোকসকলে তেওঁলোকৰ ৰাজনৈতিক, অৰ্থনৈতিক, ভূমিকে লৈ সকলো অধিকাৰ হেৰুৱাব বুলি কয় বিটিএডিত বসবাস কৰা অন্যান্য জনগোষ্ঠীৰ নেতৃত্বয়। ক্ষুব্ধ সংগঠনকেইটাৰ ঘোষণা বিটিএডিত বসবাস কৰা ৭০ % অন্যান্য জনগোষ্ঠীৰ লোকক পিঠি দি সোমবাৰে সম্পাদন কৰা চুক্তিৰ পিছত বিজয় উৎসৱ পালন কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী বিটিএডিলৈ আহিলে তেওঁক বাধা দিব অনা বড়ো ৰাইজে। সোমবাৰৰ সংবাদ মেলত আক্ৰাছু, নাথ যোগী সম্প্ৰদায়, কলিতা জনগোষ্ঠী, আদিবাসী ছাত্ৰ সন্থা, প্ৰাক্তন KLOৰ শীৰ্ষ নেতৃত্ব উপস্থিত থাকে।
আৰু চাওক
পৰৱৰ্তী বাতৰি