অক্টোবৰ মাহৰ ৩০ তাৰিখৰ ভিতৰত যদি ক’ভিড ভেকচিন দিয়াৰ কাম শেষ নকৰে, তেন্তে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন গঢ়ি তুলিব ৰাইজৰ দলে।এই হুংকাৰ প্ৰদান কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।কেন্দ্ৰীয় চৰকাৰে অসমকে ধৰি অন্যান্য ৰাজ্যসমূহক সময়মতে ক’ভিড ভেকচিন প্ৰদান কৰাত ব্যৰ্থ হোৱাৰ বাবে ৰাইজৰ দলে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে এক গৰিহণাৰ প্ৰস্তাৱো গ্ৰহণ কৰিছে।
অখিল গগৈয়ে কেন্দ্ৰীয় চৰকাৰে সময়মতে ক’ভিড ভেকচিন প্ৰদান কৰাত ব্যৰ্থ হোৱা বুলি স্পষ্টকৈ প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। '৩০ অক্টোবৰৰ ভিতৰত অসমৰ সকলো যোগ্য লোকক ক'ভিড ভেকচিন দিয়াৰ কাম শেষ কৰিব লাগে আৰু যদি ৩০ অক্টোবৰৰ ভিতৰত ক’ভিড ভেকচিন দিয়াৰ কাম শেষ নকৰে, তেতিয়াহ'লে ৰাইজৰ দলে ৩১ অক্টোবৰ তাৰিখৰ পৰাই আন্দোলন আৰম্ভ কৰিব' বুলি কয় অখিল গগৈয়ে।
ক’ভিড আৰু লকডাউনৰ ফলত দেশ তথা ৰাজ্যৰ অৰ্থনীতি চূৰমাৰ হৈ গ’ল যদিও এতিয়াও কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এই অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে কোনোধৰণৰ সুপৰিকল্পিত নীতি গ্ৰহণ কৰা নাই বুলিও শিৱসাগৰৰ বিধায়কজনে অভিযোগ কৰে।
অনতিপলমে অসমৰ সকলো ক্ষতিগ্ৰস্ত লোকলৈ ক্ষতিপূৰণ দিয়াৰ বাবে চৰকাৰে এক পেকেজ ঘোষণা কৰিব লাগে বুলিও অখিল গগৈয়ে সংবাদমেলৰ জৰিয়তে দাবী জনায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|