‘আন্দোলন লেহেমীয়া, লক্ষ্যহীন আৰু দীঘলীয়া’–CAAবিৰোধী সংগঠনলৈ অখিল গগৈৰ ৭ পৃষ্ঠা জোৰা চিঠি

News18 Assam | News18-Assam
Updated:January 24, 2020, 4:20 PM IST
‘আন্দোলন লেহেমীয়া, লক্ষ্যহীন আৰু দীঘলীয়া’–CAAবিৰোধী সংগঠনলৈ অখিল গগৈৰ ৭ পৃষ্ঠা জোৰা চিঠি
চিঠিৰ জৰিয়তে অখিল গগৈয়ে সকলো দল সংগঠনক একগোট হৈ জোৰদাৰ আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনায়

চিঠিৰ জৰিয়তে অখিল গগৈয়ে সকলো দল সংগঠনক একগোট হৈ জোৰদাৰ আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনায়

  • Share this:
ৰাজ্যত চলি আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ।প্ৰতিবাদত যোগদিছে ৰাজ্যৰ সকলো স্তৰৰ ৰাইজে। কিন্তু আন্দোলন চলি থকাৰ মাজতে হিংসাত্মক কাৰ্যত উচতনি দিয়া আৰু মাওবাদীৰ সৈতে জড়িত থকাৰ অভিযোগ তুলি NIAএ গ্ৰেপ্তাৰ কৰে অখিল গগৈক।  প্ৰথমে ১০ দিনৰ NIA জিম্মাত থকাৰ পিছত  ন্যায়িক জিম্মাত আছিল অখিল গগৈ ৷ ১৪ দিনৰ ন্যায়িক জিম্মা অন্ত পৰাত পুনৰ আদালতত হাজিৰ কৰোৱা হয় অখিল গগৈক ৷



ন্যায়িক জিম্মাত থকাৰ সময়ত  অসমৰ কা বিৰোধী দল সংগঠনৰ নেতৃবৃন্দলৈ ৭ পৃষ্ঠা জোৰা চিঠি লিখিলে অখিল গগৈয়ে ৷ চিঠিৰ জৰিয়তে অখিল গগৈয়ে সকলো দল সংগঠনক একগোট হৈ জোৰদাৰ আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনায়। পত্ৰ খনত বৰ্তমান চলি থকা আন্দোলনক লেহেমীয়া, লক্ষ্যহীন আৰু দীঘলীয়া আখ্যা দিছে অখিল গগৈয়ে ৷ চৰকাৰক সিদ্ধান্ত সলনি কৰিব পৰা আন্দোলন কৰিব লাগিব বুলিও চিঠিত  লিখিছে গগৈয়ে।

NIA আদালতত অখিল গগৈক হাজিৰ কৰোৱাৰ লগতে NIAয়ে বুধবাৰে গ্ৰেপ্তাৰ কৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোৱঁৰকো আজি হাজিৰ কৰোৱা হয় আদালতত।
Published by: Himangshu Bhuyan
First published: January 24, 2020, 4:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading