உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • গো-সুৰক্ষা বিধেয়কৰ বিৰুদ্ধে ৰাজপথত নামিব অখিল গগৈ, শিৱসাগৰত এই হুংকাৰ দিলে বিধায়কজনে

    গো-সুৰক্ষা বিধেয়কৰ বিৰুদ্ধে ৰাজপথত নামিব অখিল গগৈ, শিৱসাগৰত এই হুংকাৰ দিলে বিধায়কজনে

    শিৱসাগৰত অখিল গগৈৰ সংবাদমেল।

    শিৱসাগৰত অখিল গগৈৰ সংবাদমেল।

    শিৱসাগৰত অখিল গগৈৰ সংবাদমেল।

    • Share this:
    "অসম গো-সুৰক্ষা বিধেয়কৰ বিৰুদ্ধে ৰাজপথত আন্দোলন কৰা হ'ব । গৰু আৰু মানুহ লগ হৈ অহা ৩ ছেপ্টেম্বৰৰ পৰা প্ৰতিবাদ কৰা হ'ব । " - এই ঘোষণা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ। বৃহস্পতিবাৰে বিয়লি  শিৱসাগৰ আবৰ্ত ভৱনত এখন সংবাদমেল যোগে এই ঘোষণা কৰিছে অখিল গগৈয়ে।

    লক্ষণীয় যে, বৃহস্পতিবাৰে ধেমাজি জিলাৰ বহু সংখ্যক গো- পালকে শিৱসাগৰত সাক্ষাৎ কৰে অখিল গগৈক। ইয়াৰ পিছতে বহু কেইগৰাকী গো পালকক কাষত লৈ  সংবাদমেল যোগে অসম গো-সুৰক্ষা বিধেয়কৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ।

    অখিল গগৈয়ে সংবাদমেলত কেৱল গাখীৰ বিক্ৰী কৰি গো-পালক সকলে জীৱন নিৰ্বাহ কৰা অসম্ভৱ বুলি ক্ষোভ প্ৰকাশ কৰে। তেওঁ লগতে আৰু কয় যে  " গো-সুৰক্ষা আইনৰ যোগেদি মুছলমান সকলক লক্ষ্য কৰা হৈছে । কিন্তু এই আইনে মুছলমানৰ লগতে বাকী সম্প্ৰদায় সমূহৰো ক্ষতি কৰিব। লখিমপুৰ, ধেমাজিকে ধৰি বহু জিলাৰ থলুৱা লোকৰ জীৱন জীৱিকা ধ্বংস কৰিব এই আইনে।"

    ইতিমধ্যে এই গো-সুৰক্ষা বিধেয়ক গৃহীত কৰাৰ পিছতেই গো-পালনৰ সৈতে জড়িত  বহু সংখ্যক থলুৱা যুৱকে বেলেগ ৰাজ্যত কোম্পানীৰ চাকৰি কৰিবলৈ ঢাপলি মেলা বুলিও উদ্বিগ্ননতা প্ৰকাশ কৰে অখিল গগৈয়ে।

    অসম গো-সুৰক্ষা আইনৰ বিৰুদ্ধে ৰাইজক প্ৰতিবাদ সাব্যস্ত কৰাৰো  আহ্বান জনাই অখিলে। চিলাপথাৰ , জোনাইৰ পৰা গো সুৰক্ষা আইনৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰাৰ ঘোষণা কৰে বিধায়কগৰাকীয়ে।

    ইপিনে মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এশ দিন উপলক্ষে হাঁহি তামাচা কৰাতকৈ কোভিড পৰিৱেশত ক্ষতিগ্ৰস্ত সকলো শ্ৰেণী ৰাইজৰ বাবে অৰ্থনৈতিক পেকেজ ঘোষণাৰ দাবী উত্থাপন কৰে বিধায়ক গৰাকীয়ে।



    শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ প্ৰতিবেদন
    Published by:Himangshu Bhuyan
    First published: