உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Akhil Gogoi : নিশা মাতৃৰ বুকুত মূৰ থৈ শুলে পুত্ৰ অখিল গগৈয়ে, শিৱসাগৰ সমষ্টিত ভৰি নিদিয়াকৈয়ে আজি উভতিব গুৱাহাটীলৈ

    Akhil Gogoi : নিশা মাতৃৰ বুকুত মূৰ থৈ শুলে পুত্ৰ অখিল গগৈয়ে, শিৱসাগৰ সমষ্টিত ভৰি নিদিয়াকৈয়ে আজি উভতিব গুৱাহাটীলৈ

    প্ৰিয় নেতাগৰাকীকক এবাৰ লগ পাবলৈ কালিৰে পৰা অধীৰ আগ্ৰহেৰ বাট চাই আছিল গাঁৱৰ পুৰুষ–মহিলাসকলে।

    প্ৰিয় নেতাগৰাকীকক এবাৰ লগ পাবলৈ কালিৰে পৰা অধীৰ আগ্ৰহেৰ বাট চাই আছিল গাঁৱৰ পুৰুষ–মহিলাসকলে।

    প্ৰিয় নেতাগৰাকীকক এবাৰ লগ পাবলৈ কালিৰে পৰা অধীৰ আগ্ৰহেৰ বাট চাই আছিল গাঁৱৰ পুৰুষ–মহিলাসকলে।

    • Share this:
    এবছৰ সাতমাহৰ পিছত এৰাতি চেলেংহাটৰ নিজা বাসগৃহত কটালে অখিল গগৈয়ে। আজি পুনৰ জি এম চি এইচলৈ উভতিব অখিল গগৈ। দিনৰ ১১ বজাত গুৱাহাটী অভিমুখে ৰাওনা হোৱাৰ সম্ভাৱনা অখিল গগৈৰ। নিশা ৮ বজাৰ ভিতৰত গুৱাহাটী পাব বিধায়কগৰাকী।

    শিৱসাগৰ সমষ্টিত ভৰি নিদিয়াকৈয়ে উভতি যাব বিধায়কগৰাকী। অখিল গগৈক চেলেংহাটৰ বাসগৃহলৈকে যাবলৈহে অনুমতি দিছিল NIAৰ আদালতে। শিৱসাগৰ সমষ্টিলৈ অহাৰ বাবে আৱেদন কৰিছিল যদিও অনুমতি নাপালে আদালতৰ। উৎকণ্ঠাৰে বাট চাইছিল যদিও আশা পূৰণ নহ'ল শিৱসাগৰ সমষ্টিৰবাসীৰ।

    ইফালে, আজি পুৱাই অখিল গগৈক সাক্ষাৎ কৰিবলৈ ভিৰ কৰে গাঁওবাসীয়ে। প্ৰিয় নেতাগৰাকীকক এবাৰ লগ পাবলৈ কালিৰে পৰা অধীৰ আগ্ৰহেৰ বাট চাই আছিল গাঁৱৰ পুৰুষ–মহিলাসকলে। নিশাটো মাতৃৰ সৈতে কটালে নেতাগৰাকীয়ে। মাতৃৰ বুকুত মূৰ থৈ শোৱা বুলি জানিবলৈ দিয়ে অখিল গগৈয়ে। অখিলক লগ পাই আনন্দিত হৈ পৰে গাঁওবাসী।
    Published by:Sanjay Kumar Das
    First published: