আগন্তক বিধানসভা নিবাচনত শিৱসাগৰ আৰু মৰিয়নী সমষ্টিৰ পৰা ৰাইজৰ দলৰ হৈ সভাপতি অখিল গগৈয়ে প্ৰতিনিধিত্ব কৰাৰ কথা সংবাদমেলযোগে ঘোষণা কৰিছিল ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতৃত্বই৷ অখিল গগৈৰ মাতৃৰ শেষ ইচ্ছা আছিল ৰাইজৰ দলক বিধানসভা নিৰ্বাচনত ভোটদান দিয়া৷ মাতৃৰ এই ইচ্ছাৰ প্ৰতি সন্মান জনাই অখিল গগৈয়ে সেয়ে জন্মস্থান মৰিয়নীৰ পৰাও নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷
তাৰ পিছতে কাৰাৰুদ্ধ অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষৰ হাতত মনোনয়ন প্ৰত্ৰ দাখিল কৰাৰ পৰিৱৰ্তে মাতৃয়ে অখিলৰ হৈ যোৰহাটত মনোনয়ন প্ৰত্ৰ দাখিল কৰিছিল৷ ইতিমধ্যো দুয়োখন মনোনয়ন প্ৰত্ৰ বৈধ বুলি ঘোষণা কৰিছিল নিৰ্বাচনী বিষয়াই৷ কিন্তু হঠাৎ অখিল গগৈয়ে কেৱল শিৱসাগৰৰ পৰাহে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি খবৰ ওলোৱাৰ লগে লগে ক্ষুব্ধ হৈ পৰে মৰিয়নী সমষ্টিৰ ৰাইজৰ দলৰ সমৰ্থকসকল৷
অখিল গগৈৰ সিদ্ধান্ত উঠাই ল’বলৈ আহ্বান জনায় দলীয় সমৰ্থকসকলে৷ কিন্তু তাৰ মাজতে হঠাৎ বৃহস্পতিবাৰে নিশা ৮ বজাত মঠঘৰীয়াত থকা ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত দলৰ সাধাৰণ সম্পাদক ভাস্কো ডি শইকীয়াই সংবাদমেলৰ জৰিয়তে মৰিয়নী সমষ্টিত অখিল গগৈয়ে নিবাচনত অৱতীৰ্ণ নহয় বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে৷
আগন্তুক বিধানসভা নিৰ্বাচনত অখিল গগৈয়ে কেৱল শিৱসাগৰৰ পৰাহে প্ৰতিনিধিত্ব কৰিব বুলি ঘোষণা কৰিলে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ভাস্কো ডি শইকীয়াই৷ বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত অখিল গগৈৰ এই কঠোৰ সিদ্ধান্ত বুলি ঘোষণা কৰিলে ভাস্কো ডি শইকীয়াই৷
ভাস্কো ডি শইকীয়াৰ মতে, অখিল গগৈ দুয়োটা সমষ্টিত জয়ী হৈ আহিলে লাভান্বিত হ’ব বিজেপি, কাৰণ এটা সমষ্টি এৰি দিব লাগিব৷ গতিকে বিজেপি লাভান্বিত হোৱা কোনো সিদ্ধান্তই অখিল গগৈয়ে ল’ব বিচৰা নাই বুলি সংবাদমেলখনৰ জৰিয়তে কলে ভাস্কো ডি শইকীয়াই৷ গতিকে বিজেপিক পৰাভূত কৰিব পৰা শক্তিশালী বিৰোধী নেতাক সহায় কৰি জয় কৰি আনিবলৈ মৰিয়নীবাসীক আহ্বান জনালে ভাস্কো ডি শইকীয়াই৷
পোনপটীয়াকৈ নক’লেও মৰিয়নীত ৰূপজ্যোতি কুৰ্মীক একপ্ৰকাৰ জয়ী কৰি আনিবলৈ মৰিয়নীবাসীক অনুৰোধ জনালে ৰাইজৰ দলৰ হৈ ভাস্কো ডি শইকীয়াই৷ মৰিয়নীবাসীৰ ওচৰত সংবাদমেলৰ জৰিয়তে অখিল গগৈৰ হৈ ক্ষমা প্ৰাৰ্থনাও মাগিলে ভাস্কো ডি শইকীয়াই৷ তেওঁ আৰু ক’লে, মৰিয়নীত অখিল গগৈ নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিলে বিজেপিৰ এখন আসন বৃদ্ধিহে পাব৷ কিন্তু অখিল গগৈৰ এই সিদ্ধান্তক কোনোপধ্যে সহজভাৱে ল’ব পৰা নাই মৰিয়নীৰ ৰাইজৰ দলৰ নেতা–কৰ্মীসকলে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|