অখিল গগৈয়ে নিজৰ সুবিধা অনুসৰি দুদিনৰ বাবে যাব পাৰিব মাতৃ আৰু পুত্ৰক লগ কৰিবলৈ ৷
অখিল গগৈয়ে নিজৰ সুবিধা অনুসৰি দুদিনৰ বাবে যাব পাৰিব মাতৃ আৰু পুত্ৰক লগ কৰিবলৈ ৷
দুদিনৰ বাবে যোৰহাটৰ গৃহত গৈ মাতৃ আৰু পুত্ৰক সাক্ষাত কৰাৰ অনুমতি বিধায়ক অখিল গগৈক ৷ শুকুৰবাৰে এই অনুমতি প্ৰদান কৰিছে NIA আদালতে ৷ অখিল গগৈয়ে এতিয়া নিজৰ সুবিধা মতে মাতৃ আৰু পুত্ৰক লগ কৰিবলৈ দুদিনৰ বাবে যাব পাৰিব যোৰহাটৰ ঘৰলৈ। উল্লেখ্য যে, শেহতীয়াকৈ অখিল গগৈয়ে মাতৃ আৰু নিজৰ পুত্ৰক লগ কৰাৰ অনুমতি বিচাৰি আদালতত কৰিছিল আবেদন।
ইফালে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়েও পুত্ৰ মুখ খন এবাৰ চাবলৈ বহু সময়ত আগ্ৰহ প্ৰকাশ কৰি আহিছিল। বিধানসভা নিৰ্বাচনৰ সময়ত অসুস্থ দেহাৰেই পুত্ৰ অখিলৰ হৈ শিৱসাগৰত প্ৰচাৰ অভিযান চলোৱা মাতৃগৰাকীৰ এই আহ্বান যেন অৱশেষত শুনিলে আদালতে। ইফালে কিছুদিন পূৰ্বে শাৰীৰিক ভাবে অসুস্থ হৈ পৰিছিল অখিল গগৈৰ পুত্ৰ নাচিকেতাও।
ইফালে যোৱা মঙলবাৰে চাবুৱা থানাৰ গোচৰত অখিল গগৈক দোষমুক্ত কৰে NIA আদালতে। অখিল গগৈয়ে পূৰ্বে জামিন লাভ কৰিছিল চাবুৱা থানা গোচৰত। এতিয়া চানমাৰি থানাৰ গোচৰৰ চাৰ্চ ফ্ৰেমৰ চলি আছে শুনানি। চানমাৰি থানাৰ গোচৰৰ পৰা মুক্ত হ’লে মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|