মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কাৰাগাৰৰ পৰাই নিৰ্বাচন খেলিব অখিল গগৈয়ে, প্ৰতিদ্বন্দ্বিতা কৰিব দুটা সমষ্টিৰ পৰা!

কাৰাগাৰৰ পৰাই নিৰ্বাচন খেলিব অখিল গগৈয়ে, প্ৰতিদ্বন্দ্বিতা কৰিব দুটা সমষ্টিৰ পৰা!

News18 Assam | News18-Assam
Updated:October 19, 2020, 5:08 PM IST
কাৰাগাৰৰ পৰাই নিৰ্বাচন খেলিব অখিল গগৈয়ে, প্ৰতিদ্বন্দ্বিতা কৰিব দুটা সমষ্টিৰ পৰা!
অখিল গগৈ শিৱসাগৰ আৰু টীয়ক এই দুটা সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব লাভ কৰাটো নিশ্চিত বুলি জানিব দিয়ে প্ৰবীণ দাসে।

অখিল গগৈ শিৱসাগৰ আৰু টীয়ক এই দুটা সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব লাভ কৰাটো নিশ্চিত বুলি জানিব দিয়ে প্ৰবীণ দাসে।

  • Share this:
কাৰাগাৰৰ পৰা আগন্তুক বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব কৃষক নেতা অখিল গগৈ। দুটা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব কৃষক নেতাগৰাকীয়ে। শিৱসাগৰ আৰু টীয়ক সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব লাভ কৰা সম্ভাৱনা। গোলাঘাটত আহ্বায়ক সমিতি গঠন কৰি এই কথা সদৰি কৰে দলৰ ৰাজ্যিক আহ্বায়ক প্ৰবীণ দাসে।

সমগ্ৰ অসমৰ লগতে গোলাঘাটত ক্ৰমে বৃদ্ধি পাইছে নিৰ্বাচনৰ তৎপৰতা। বিজেপি, কংগ্ৰেছৰ উপৰি বৰ্তমান কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গঠন হোৱা নতুন দল ৰাইজৰ দলে জিলাই জিলাই নিজৰ সাংগঠনিক ভেটি টনকিয়াল কৰিবলৈ গঠন কৰিছে আহ্বায়ক সমিতি।

সোমবাৰেও গোলাঘাটৰ জিলা পুথিভঁৰালত ৰাইজৰ দলৰ জিলা পৰ্যায়ৰ আহ্বায়ক সমিতি গঠন কৰা হয়। এই সভাত উপস্থিত থাকে ৰাজ্যিক আহ্বায়ক প্ৰবীণ দাস, ৰাইজৰ দলৰ নেতা ৰতন দাওৰ লগতে বহু কেইজন ব্যক্তি। এই সভাতে ৰাজ্যিক আহ্বায়ক প্ৰবীণ দাসে কৃষক নেতা অখিল গগৈয়ে কাৰাগাৰৰ পৰাই অহা নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি জনায়।

অখিল গগৈ শিৱসাগৰ আৰু টীয়ক এই দুটা সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব লাভ কৰাটো নিশ্চিত বুলি জানিব দিয়ে প্ৰবীণ দাসে।
Published by: Sanjay Kumar Das
First published: October 19, 2020, 5:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি