কৃষক নেতা অখিল গগৈ মুকলি আকাশৰ তললৈ অহাটো প্ৰায় নিশ্চিত!

News18 Assam | News18-Assam
Updated:July 17, 2020, 1:29 PM IST
কৃষক নেতা অখিল গগৈ মুকলি আকাশৰ তললৈ অহাটো প্ৰায় নিশ্চিত!
NIAই ডিচেম্বৰ মাহত অখিলক গ্ৰেপ্তাৰ কৰা পিছৰে পৰা ৬ মাহতকৈ অধিক কাল কাৰাৰুদ্ধ হৈ আছে অখিল গগৈ৷

NIAই ডিচেম্বৰ মাহত অখিলক গ্ৰেপ্তাৰ কৰা পিছৰে পৰা ৬ মাহতকৈ অধিক কাল কাৰাৰুদ্ধ হৈ আছে অখিল গগৈ৷

  • Share this:
গুৱাহাটী উচ্চ ন্যায়ালয়ে চাবুৱা থানাৰ তিনিটা গোচৰত জামিন মঞ্জুৰ কৰিলে কৃষক নেতা অখিল গগৈৰ। NIAৰ দুটা গোচৰত জামিন পালেই মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ৷

২০১৯ চনৰ ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে হোৱা আন্দোলনত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে গ্ৰেপ্তাৰ হৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক৷ কা আন্দোলনৰ সময়ত ৰাজ্যজুৰি ৰাজহুৱা সম্পত্তি ধংস কৰাৰ বহু গোচৰ ৰুজু হৈছিল। চানমাৰি আৰক্ষীয়েও অখিল গগৈৰ বিৰুদ্ধে ৰুজু কৰিছিল মাওবাদীৰ সৈতে মিলি হিংসাত্মক ঘটনা সংঘটিত কৰাৰ গোচৰ৷ পৰৱৰ্তী সময়ত চানমাৰী থানাৰ গোচৰটো হস্তান্তৰ কৰা হৈছিল NIAলৈ৷

NIAই ডিচেম্বৰ মাহত অখিলক গ্ৰেপ্তাৰ কৰা পিছৰে পৰা ৬ মাহতকৈ অধিক কাল কাৰাৰুদ্ধ হৈ আছে অখিল গগৈ৷ আনহাতে কা আন্দোলনৰ সময়ত ডিব্ৰুগড় জিলাৰ চাবুৱা থানা এলেকাত চক্ৰ বিষয়া কাৰ্যালয়, ডাকঘৰ আৰু বেংকত অগ্নি সংযোগ কৰাৰ অভিযোগ আনি তিনিটাকৈ গোচৰ ৰুজু কৰা হৈছিল ২০১৯ চনৰ ডিচেম্বৰ মাহত৷ NIAৰ 13/2019 গোচৰত NIAৰ বিশেষ আদালতে জামিন দিয়াৰ পিছত ২০২০ চনৰ মে’ মাহত অখিল গগৈক চাবুৱা আৰক্ষীয়ে 293/19, 296/19 আৰু 307/19 গোচৰত গ্ৰেপ্তাৰ কৰিছিল৷

বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে  তিনিওটা গোচৰৰ শুনানি গ্ৰহণ কৰি জামিন মঞ্জুৰ কৰে অখিলক৷ এতিয়া ২১ জুলাইলৈ অপেক্ষা৷ NIAৰ আদালতে দুয়োটা গোচৰত জামিন মঞ্জুৰ কৰিলেই মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ৷ আনহাতে, ধৈৰ্য কোঁৱৰৰ NIA গোচৰৰ জামিনৰ ৰায় দিব ১৭ জুলাইত অৰ্থাৎ আজি৷
Published by: Sanjay Kumar Das
First published: July 17, 2020, 1:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading