KMSSৰ নতুন ৰাজনৈতিক দল, আগন্তুক বিধানসভা নিৰ্বাচনত অখিল গগৈ হ’ব মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী

News18 Assam | News18-Assam
Updated:August 22, 2020, 2:23 PM IST
KMSSৰ নতুন ৰাজনৈতিক দল, আগন্তুক বিধানসভা নিৰ্বাচনত অখিল গগৈ হ’ব মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী
 অখিল গগৈ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পাছতে দলটোৰ নাম ঘোষণা হ’ব।

 অখিল গগৈ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পাছতে দলটোৰ নাম ঘোষণা হ’ব।

  • Share this:
ডাঙৰ খবৰ! আগন্তুক ৰাজ্যৰ বিধানসভা নিৰ্বাচনত অখিল গগৈ হ’ব মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী। কৃষক মুক্তিয়ে ঘোষণা কৰিলে নতুন ৰাজনৈতিক দল। আৰু এই দলটোৱে অখিল গগৈক মুখ্যমন্ত্ৰী ৰূপে প্ৰক্ষেপ কৰি অৱতীৰ্ণ হ’ব ৰাজ্যৰ আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনত।

আপোচবিহীন আঞ্চলিক ৰাজনৈতিক দল হ’ব KMSSৰ নতুন ৰাজনৈতিক দলটো। কৃষকমুক্তিৰ ফালৰ পৰা জনোৱা মতে, ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক শক্তি ৰূপে গঢ় দিব দলটো। ইতিমধ্যে দলটোৰ বাবে প্ৰস্তুত কৰা হৈছে সংবিধান। আঞ্চলিকতাবাদত বিশ্বাসী সকলো শক্তি একগোট হ’ব লাগিব। অখিল গগৈ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পাছতে দলটোৰ নাম ঘোষণা হ’ব।



অখিল গগৈয়ে আগন্তুক ৰাজ্যৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব। সেইদৰে কৃষকনেতাগৰাকী শীঘ্ৰে মুকলি আকাশৰ তললৈ আহিব বুলি আশাবাদী দলীয় নেতৃত্ব। দলটোত আঞ্চলিকতাবাদীত বিশ্বাসীসকলোকে যোগদান কৰিবলৈও আহ্বান জনোৱা হৈছে।



উল্লেখযোগ্য যে, কৃষকমুক্তি সংগ্ৰাম সমিতিয়ে ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে জন্ম দিছিল গণ মুক্তি সংগ্ৰাম সমিতি নামেৰে এটা আঞ্চলিক ৰাজনৈতিক দল। কিন্তু নতুনকৈ আত্মপ্ৰকাশ কৰিবলগীয়া দলটো গণ মুক্তি সংগ্ৰাম সমিতি নহয় বুলি সংবাদমেলত স্পষ্ট কৰি দিয়ে কৃষক মুক্তিৰ নেতৃত্বই।  নতুন নাম আৰু নতুন আদৰ্শৰ ভিত্তিত হব দলটো।

শনিবাৰৰ সংবাদমেলত উপস্থিত থাকে, সংগঠনটোৰ সভাপতি ৰাজু বৰা, ভাস্কো ডি শইকীয়া, কাৰ্য্যকৰী সভাপতি অনিল বড়ো আৰু উপদেষ্টা হুছেইন মহম্মদ ছাহজাহান। এ
Published by: Himangshu Bhuyan
First published: August 22, 2020, 1:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading