''গুজৰাটত বৰষুণ পৰিছে, কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত ছাতি লৈছে''
''গুজৰাটত বৰষুণ পৰিছে, কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত ছাতি লৈছে''
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি, আৰএছএছক তেল মাৰিবৰ বাবে হিমন্ত বিশ্ব শৰ্মাই বিধায়ক জিগনেছ মেৱানীক গ্ৰেপ্তাৰ কৰাইছে বুলি বিস্ফোৰক অভিযোগ আনিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। কালি কোকৰাঝাৰ আৰক্ষীয়ে গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰি অনা বিধায়ক জিগনেছ মেৱানীক (Jignesh Mevani) সাক্ষাৎ কৰাৰ বাবে আজি বিধায়ক অখিল গগৈ কোকৰাঝাৰত আহি উপস্থিত হয় ।
অসমৰ পুলিচৰ আৰু কোনো কাম নাই নেকি বুলি প্ৰশ্নৰ উত্থাপন কৰি জিগনেছ মেৱানীয়ে কৰা টুইটৰ বিৰূপ প্ৰভাৱ অসমৰ ৰাজনীতি বা সমাজ জীৱনত পৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰি গগৈয়ে গুজৰাটত বৰষুণ পৰিছে, কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত ছাতি লৈছে বুলি তাচ্ছিল্য কৰে।
বিধায়ক গগৈয়ে মেৱানীৰ বিৰুদ্ধে লগোৱা ১৫৩ ধাৰা অনুসৰি দুটা সম্প্ৰদায়ৰ মাজত কোনো সংঘৰ্ষৰ সূত্ৰপাত হোৱা নাই বৰঞ্চ বহুতে এই টুইটৰ বিষয়ে অজ্ঞ বুলি দাবী কৰে। লগতে এই কাৰ্যৰ দ্বাৰা ৰাজনৈতিক প্ৰতিশোধ পৰায়ণতা প্ৰকাশ পাইছে। গতিকে সমগ্ৰ ভাৰতৰ ওচৰত অসমৰ সন্মান হানি কৰা কামৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) সমগ্ৰ ভাৰতবাসীৰ ওচৰত ক্ষমা বিচাৰি জিগনেছ মেৱানীক শীঘ্ৰে মুকলি কৰি দিয়াৰ বাবে দাবী উত্থাপন কৰে।
সাংবাদিকৰ আগত বিধায়ক গগৈয়ে যিহেতু গুজৰাটত নিৰ্বাচন আহি আছে, সেই বাবে মেৱানীৰ সময়বোৰ নষ্ট কৰাৰ বাবে ৰাজনৈতিক উদ্দেশ্যেপ্ৰণোদিতভাৱে ৰাজনীতিত যাতে গুৰুত্ব আৰোপ কৰিব নোৱাৰে, তাৰ বাবে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ষড়যন্ত্ৰমূলকভাৱে মেৱানীক গ্ৰেপ্তাৰ কৰিছে।
প্ৰমোদ বড়োৰ সেউজ সংকেত নাপালে এগৰাকী কাৰ্যবাহী সদস্যই এজাহাৰ দিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে গগৈয়ে। সেয়েহে অতি সোনকালে বিধায়ক মেৱানীক মোকোলাই নিদিলে সমগ্ৰ ভাৰতজুৰি গণ আন্দোলন গঢ়ি তোলাৰ পোষকতা কৰে। আজি বিধায়ক অখিল গগৈ কোকৰাঝাৰত উপস্থিত হৈ গুজৰাটৰ বিধায়ক জিগনেছ মেৱানীক সাক্ষাৎ কৰিবলৈ পোনে পোনে কোকৰাঝাৰ সদৰ থানাত উপস্থিত হয় যদিও প্ৰথমাৱস্থাত আৰক্ষীয়ে বাধা প্ৰদান কৰে। পিছত তেওঁক মেৱানীক সাক্ষাৎ কৰাৰ বাবে অনুমতি প্ৰদান কৰা হয়।
বিহুক হিন্দুৰ উৎসৱ বুলি বিজেপি নেতা তথা সিদ্ধাৰ্থ ভট্টাচাৰ্যই প্ৰদান কৰা মন্তব্যক লৈও ক'লে
ইফালে অসমৰ জাতীয় উৎসৱ বিহুক হিন্দুৰ উৎসৱ বুলি বিজেপি নেতা তথা সিদ্ধাৰ্থ ভট্টাচাৰ্যই প্ৰদান কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে জানিব বিচৰাত বিহুক সাম্প্ৰদায়িক ৰূপ নিদিবলৈ আৰএছএছ (RSS) আৰু বিজেপিক (BJP) সকীয়াই দিছে বিধায়ক গগৈয়ে৷
উল্লেখ্য যে কোকৰাঝাৰ আৰক্ষীৰ জিম্মাত থকা গুজৰাটৰ বডগাম বিধানসভা সমষ্টিৰ বিধায়ক জিগনেছ মেৱানীক শীঘ্ৰে বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত আজি কোকৰাঝাৰ সদৰ থানাৰ সন্মুখত অসম প্ৰদেশ কংগ্ৰেছ (APCC) আৰু কোকৰাঝাৰ জিলা কংগ্ৰেছৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য, বিধায়ক জাকিৰ হুছেইন শিকদাৰেও অংশগ্ৰহণ কৰে৷
উক্ত কাৰ্যসূচীত কিছু সময়ৰ বাবে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়েও সংগ দিয়ে৷ আনপিনে উক্ত কাৰ্যসূচীৰ পিছত বিধায়ক অখিল গগৈয়ে (MLA Akhil Gogoi) বিধায়ক মেৱানীক কোকৰাঝাৰ সদৰ থানাত সাক্ষাৎ কৰে৷ সংবাদ মাধ্যমৰ আগত বিধায়ক গগৈয়ে বিধায়কগৰাকীক লকআপৰ বিপৰীতে এটা ভাল কোঠা অথবা অতিথিশালাত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|