২০২৪ ৰ লোকসভা নিৰ্বাচনক লক্ষ্য কৰি প্ৰতিটো ৰাজনৈতিক দলেই কুচকাৱাজ আৰম্ভ কৰিছে। এনে সময়তে সকলো বিৰোধী ৰাজনৈতিক দলকে বিজেপিৰ বিৰুদ্ধে উমৈহতীয়াভাৱে যুঁজ দিয়াৰ আহ্বান ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।
২০২৪ত বিজেপিক পৰাভূত কৰিবলৈ দেশৰ সকলো আঞ্চলিক শক্তিক একলগ কৰি এটা ফেডাৰেল শক্তি তৈয়াৰ কৰিবলৈ যত্ন কৰি থকা হৈছে বুলিও সদৰী কৰিছে অখিল গগৈয়ে।
শিৱসাগৰ যুৱ দলত আজি অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ জাতীয় যুৱ বাহিনীৰ শিৱসাগৰ জিলা অভিৱৰ্তনত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয় যে বিৰোধী ভোট যাতে বিভাজন নহয়, সেই উদ্দেশ্যে কংগ্ৰেছৰ সৈতেও আঞ্চলিক দলবিলাকে কথা পাতি আছে। বিজেপি পুনৰ শাসনলৈ আহিলে দেশখন সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব। দেশৰ গণতান্ত্ৰিক ব্যৱস্থা ৰক্ষাৰ স্বাৰ্থত বিজেপিক প্ৰতিহত কৰাটো অত্যন্ত জৰুৰী।
অসমতো অহা লোকসভা নিৰ্বাচনত আম আদমী পাৰ্টী আৰু কংগ্ৰেছ দলে যাতে অকলে নিৰ্বাচন নেখেলে, তাৰ বাবেও ৰাইজৰ দলে কথা পাতি থকা বুলি সদৰী কৰিছে অখিল গগৈয়ে। ভোট বিভাজন হ'লে বিজেপি আটাইতকৈ বেছি লাভৱান হ'ব বুলিও উল্লেখ কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে।
উল্লেখযোগ্য যে ৰাইজৰ দলৰ যুৱ সংগঠন " জাতীয় যুৱ বাহিনী" ৰ শিৱসাগৰ জিলাৰ প্ৰথমখন অভিৱৰ্তনত শিৱসাগৰ জিলাৰ শতাধিক যুৱক–যুৱতীয়ে জাতীয় যুৱ বাহিনীত যোগদান কৰে। "জাতীয় যুৱ বাহিনীৰ " শিৱসাগৰ জিলা সমিতিখনো গঠন কৰা হয় অভিৱৰ্তনত।
অভিৱৰ্তনত উপস্থিত থাকি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ফেচিবাদী, সাম্প্ৰদায়িক শক্তিসমূহক প্ৰতিৰোধ কৰিবলৈ জাতীয় যুৱ বাহিনীয়ে অতি সক্ৰিয়তাৰে কাম কৰিব বুলি সদৰী কৰে। অভিৱৰ্তনত " জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় সভাপতি লক্ষজ্যোতি গগৈ, ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ, উপ সভাপতি বেদান্ত লস্কৰসহ বহুসংখ্যক বিষয়ববীয়া উপস্থিত থাকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|