কেব আহিলে মৃত্যুবৰণ কৰিম! সংবাদমেলত চৰমপন্থা লোৱাৰ হুংকাৰ অখিল গগৈৰ

News18 Assam | News18-Assam
Updated:November 30, 2019, 2:10 PM IST
কেব আহিলে মৃত্যুবৰণ কৰিম! সংবাদমেলত চৰমপন্থা লোৱাৰ হুংকাৰ অখিল গগৈৰ
কৃষক মুক্তি সংগ্ৰাম সমিতিক কেন্দ্ৰই আলোচনালৈ নমতাক লৈ প্ৰতিক্ৰিয়া।

কৃষক মুক্তি সংগ্ৰাম সমিতিক কেন্দ্ৰই আলোচনালৈ নমতাক লৈ প্ৰতিক্ৰিয়া।

  • Share this:
CABক লৈ দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে অনুষ্ঠিত হৈছে উত্তৰপূৰ্বাঞ্চলৰ দল-সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠক। লক্ষণীয়ভাৱে এই বৈঠকলৈ এই মুহুৰ্তলৈকে আমন্ত্ৰণ জনোৱা হোৱা নাই কৃষক মুক্তি সংগ্ৰাম সমিতি ৷ কৃষক মুক্তিৰ সৈতে চৰকাৰৰ আলোচনাত বহিবলৈ সাহস নাই বুলি মন্তব্য কৰি কৃষক নেতা অখিল গগৈয়ে কেব গৃহীত কৰিলে প্ৰয়োজনত মৃত্যুবৰণ কৰিম বুলি চৰকাৰক দিলে চৰম হুংকাৰ ৷

যদি বাংলাদেশত হিন্দু নিৰ্যাতিত হৈছে তেন্তে প্ৰধানমন্ত্ৰীয়ে বাংলাদেশলৈ সেনা-বাহিনী পঠিয়াই সামৰিক শক্তিৰে বা কূটনৈতিক কৌশলেৰে এই নিৰ্যাতন বন্ধ কৰক বুলি মন্তব্য কৰে অখিল গগৈয়ে ৷ দিল্লীৰ বৈঠকলৈ 'আমছু'ক আমন্ত্ৰণ জনোৱা সন্দৰ্ভত অখিল গগৈয়ে কয় যে 'আমছু'ক জাতীয় সংগঠন নহয় বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ৭০ সংগঠনে কেবৰ বিৰুদ্ধে কৰা প্ৰতিবাদক ডাইভাৰ্ট কৰিব বিছাৰিছিল ৷ এতিয়া সেই আমছুক দিল্লীলৈ মাতিছে বিজেপিয়ে ৷ দিল্লীলৈ যোৱা সংগঠনসমূহক বিজেপিৰ কথাত ভোল নাযাবলৈ আহ্বান জনাই অখিল গগৈয়ে কয় যে
যদি কেব গৃহীত হয় দৰকাৰ হ'লে মৃত্যুবৰণ কৰিম, গুলী খাই মৰিম; কিন্তু কেব গ্ৰহণ নকৰো ৷
আৰু চাওক পৰৱৰ্তী বাতৰি