যোৱা ২৬ জুলাইত লাইলাপুৰ কাণ্ডৰ পিছতে অসম–মিজোৰাম সীমান্ত বিবাদক লৈ দুয়ো ৰাজ্যৰ চৰকাৰৰ মাজত চলি আছে তীব্ৰ মতানৈক্য। ইয়াৰ মাজতে মিজোৰাম চৰকাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত গোচৰ ৰুজু কৰে। এই কথাক লৈ আজি অখিল গগৈয়ে সমৰ্থন ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীক।
ৰাইজৰ দলৰ বিধায়ক তথা কৃষক নেতা অখিল গগৈয়ে আজি অসম–মিজোৰাম সীমান্তত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ এই সম্পৰ্কে উল্লেখ কৰে এইদৰে– 'অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত গোচৰ দিয়াটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। এই গোচৰ মিজোৰাম চৰকাৰে উঠাই ল'ব লাগে। এয়া আমাৰ দাবী। আমি মুখ্যমন্ত্ৰীক কোনো কথাত সমালোচনা কৰিব পাৰোঁ, কিন্তু কোনোপধ্যে আমাৰ মুখ্যমন্ত্ৰীৰ ওপৰত গোচৰ দিয়াটো মানি ল'ব নোৱাৰোঁ।'
উল্লেখ্য, সীমান্ত সংঘাতৰ পৰিপ্ৰেক্ষিতত দুয়োখন ৰাজ্যৰ চৰকাৰে আইনী প্ৰক্ৰিয়াৰ মাজত সোমাই পৰিছে। অসম চৰকাৰে মিজোৰামৰ ৬গৰাকী প্ৰশাসনিক বিষয়ালৈ চমন জাৰি কৰাৰ লগতে মিজোৰামেও এখোপ ওপৰত উঠি মুখ্যমন্ত্ৰীসহ ৪গৰাকী শীৰ্ষ আৰক্ষী বিষয়া আৰু ২ গৰাকী প্ৰশাসনিক বিষয়াৰ ওপৰত গোচৰ ৰুজু কৰে।
আনহাতে এই ঘটনাৰ পিছত অসমত শাসক–বিৰোধীয়ে মিজোৰোমৰ বিপক্ষে এক হোৱা প্ৰত্যক্ষ কৰা গৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|